নগাঁও, ১৩ নৱেম্বৰ (হি.স.)। নগাওঁ জিলাৰ খাটোৱাল আৰক্ষীৰ কালি নিশা ড্ৰাগছ বিৰুদ্ধে অভিযান।অভিযানত জব্দ ৩৬ টাকৈ ড্ৰাগছ ভৰ্তি বাকচ, নগদ ধন সহ জব্দ দুখন বলেৰ” বাহন আৰু এখন মটৰচাইকেল।
জানিব পৰা অনুসৰি গেৰুৱামুখৰ বুলবুল হুছেইনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১ লাখ ৯২ হাজাৰ ৩৫০ টকা। ইফালে অভিযানৰ উমান পাই বুলবুল হুছেইনে পলায়ন কৰে যদিও আটক কৰে বুলবুল হুছেইনৰ পত্নী হালিমা খাতুনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
