পাটনা (বিহাৰ), ২০ অক্টোবৰ (হি.স.)। তিনিদিনীয়া বিহাৰ ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে গয়াৰ পৰা ভ্ৰমণৰ সামৰণি মাৰিব। তেওঁ শুকুৰবাৰে পুৱা পাটনাৰ পৰা গয়ালৈ ৰাওনা হয়। পাটনা বিমানবন্দৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁক ফুলৰ থোপা উপহাৰ দি আৰু অংগবস্ত্ৰ প্ৰদান কৰি বিদায় দিয়ে। মুখ্যমন্ত্রীৰ লগতে বিমানবন্দৰত মন্ত্রী বিজয় চৌধুৰী,পৌৰপতি সীতা সাহুকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া-নেতা উপস্থিত থাকে ৷
গয়াত ৰাষ্ট্ৰপতিয়ে দ্ৰৌপদী মুৰ্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁৰ বিহাৰ ভ্ৰমণ শেষ হ’ব আৰু গয়াৰ পৰা দিল্লীলৈ ৰাওনা হ’ব। তিনিদিনীয়া ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ চতুৰ্থ কৃষি ৰোড মেপ উদ্বোধন কৰে। পাটনা চাহিব গুৰুদ্বাৰত প্ৰণিপাত জনায়। ইয়াৰ উপৰিও মোতিহাৰীত মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু পাটনা এইমছৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ/চন্দা/মনোজ
