নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বাবৰ আজমক সকলো ফৰ্মেটৰ পৰা অধিনায়ক পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলি থকা বিশ্বকাপত পাকিস্তানে তিনিওটা বিভাগতে – বেটিং, বলিং আৰু ফিল্ডিঙত দুৰ্বল প্ৰদৰ্শনৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।
জিঅ’ নিউজৰ প্ৰতিবেদন অনুসৰি বাবৰে যদি পদত্যাগ দাখিল কৰাৰ সিদ্ধান্ত লয় তেন্তে ব’ৰ্ডে মানি ল’ব, নহ’লে পিচিবিয়ে তেওঁক পদৰ পৰা বৰ্খাস্ত কৰিব।
প্ৰতিবেদনত কোৱা হৈছে যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত শ্বান মাছুদ আৰু নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে শ্বাহীন শ্বাহ আফ্ৰিদি অধিনায়কত্বৰ বাবে শক্তিশালী প্ৰাৰ্থী।
বাবৰে ২০১৯ চনত হোৱাইট বলৰ অধিনায়ক আৰু ২০২১ চনত টেষ্টৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছিল যদিও তেওঁৰ নেতৃত্বত গ্ৰীণ চাৰ্টছে আইচিচি বা এছিয়া কাপৰ কোনো খিতাপ দখল কৰিব পৰা নাই।
যদিও পাকিস্তানে শীৰ্ষ দল হিচাপে বিশ্বকাপত প্ৰৱেশ কৰিছিল, তথাপিও তেওঁলোকে নিজৰ সম্ভাৱনা প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে গ্ৰুপ পৰ্যায়ত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল।
বিশ্বকাপত গ্ৰীণ চাৰ্টছৰ বিফলতাৰ পিছত বাবাৰক সমৰ্থন জনাই দলৰ পৰিচালক মিকি আৰ্থাৰে কৈছিল যে ভুল কৰাটো কোনো অপৰাধ নহয়।
আজি অধিনায়কগৰাকীয়ে পিচিবি পৰিচালনা সমিতিৰ অধ্যক্ষ জাকা আশ্ৰাফক সাক্ষাৎ কৰাৰ কথা আৰু ইয়াৰ পিছত তেওঁৰ অধিনায়কত্ব সন্দৰ্ভত ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
