বঙাইগাঁও, ১৫ নৱেম্বৰ (হি.স.): দীপাৱলিৰ উথপথপ পৰিৱেশৰ মাজতে মঙলবাৰে নিশা কোকিলা আৰক্ষীয়ে এক অভিযান চলাই ঝান্দি মুণ্ডা নামৰ জুৱা খেলৰ ঘাটি উচ্ছেদ কৰে । শৌলমাৰীৰ পৰা উচ্ছেদ কৰে এই জুৱা খেলৰ ঘাটি। উচ্ছেদ স্থলীৰ পৰা জব্দ এখন ট্ৰেক্টৰ আৰু ছখন মটৰ চাইকেল উদ্ধাৰ কৰে।
উল্লেখ্য যে এটা দুষ্ট চক্ৰই যোৱা কিছু দিন ধৰি গোপনে চলাই আহিছিল জুৱা খেলৰ বৃহৎ বজাৰ। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলায় অভিযান। অভিযানত কোনো ব্যক্তিক কৰায়ত্ব কৰিব পৰা নাই যদিও ৬ খন কৈ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় । মটৰ ছাইকেল কেইখন ট্ৰেক্টৰেৰে কোকিলা আৰক্ষী নিৰীক্ষণ চকীলৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
