নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ অডিঅ’ ছিৰিজ প্লেটফৰ্ম ‘পকেট এফ এম’ৰ জনপ্ৰিয় অভিযান ‘ইণ্ডিয়া, কুচ আচ্ছা ছুনো’ৰ অধীনত ভাৰতীয় মহিলা আইচ হকী দলৰ ঐতিহাসিক এছিয়া কাপ ব্ৰঞ্জৰ জয়ৰ বাবে উৎসৰ্গিত ব্ৰেণ্ড ছবি ‘ছাউণ্ড অৱ ক’ৰেজ’। এই সত্য কাহিনীয়ে আবেগ, বিশ্বাস আৰু সামাজিক বাধা ভংগ কৰাৰ উদাহৰণ দাঙি ধৰিছে।
লাডাখৰ নিথৰ হ্ৰদৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ যাত্ৰা সহজ নাছিল। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা, সমাজৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হোৱা আৰু পুৰুষৰ খেল বুলি কোৱা আইচ হকীত নিজৰ বাবে ঠাই উলিওৱাটো কঠিন আছিল যদিও এই সকলোবোৰৰ মাজতে দলটোৱে কেতিয়াও হাৰ নামানিল। এইসকল খেলুৱৈয়ে এছিয়া কাপত ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। দলৰ অধিনায়ক চেৱাং চুস্কিটে কয়, “বিজয়ৰ জন্ম হয় দৃঢ়তাৰে। আমাৰ যাত্ৰাত বহু সন্দেহ আছিল, কিন্তু আমি আমাৰ অন্তৰ্নিহিত কণ্ঠ শুনিছিলো আৰু তাত বিশ্বাস কৰিছিলো।সেইটোৱেই হৈছে ‘সাহসৰ শব্দ’ৰ মূল – নিজৰ ওপৰত বিশ্বাস কৰিলে সকলো সলনি হ’ব পাৰে।”
ভাৰতীয় আইচ হকী এছ’চিয়েশ্যনৰ প্ৰধান সম্পাদক তথা আই আই এইচ এফ এছিয়া কমিটীৰ সদস্য হৰজিন্দৰ সিং ‘জিন্দি’ই কয়, “এই পদক কেৱল ক্ৰীড়াৰ জয় নহয়, বৰঞ্চ সাহস আৰু সপোনৰ জয়। আমি বাধা ভাঙি প্ৰমাণ কৰিলোঁ যে আবেগৰ কোনো সীমা নাই।”
পকেট এফ এমৰ এছভিপি আৰু ব্ৰেণ্ড মাৰ্কেটিং, কমিউনিকেচন এণ্ড পাৰ্টনাৰশ্বিপৰ মুৰব্বী বিনীত সিঙে কয়, “নেতিবাচকতাৰ যুগত আমি এনে কাহিনী আনিব বিচাৰো যিয়ে প্ৰেৰণাদায়ক।
পদ্মশ্ৰী মৰুপ নামগ্যালৰ ধ্বনিৰে নিৰ্মিত এই ছবিখন কেৱল আইচ হকীৰ কাহিনী নহয় বৰঞ্চ নিজৰ পথ বাছি লোৱা প্ৰতিগৰাকী ভাৰতীয় মহিলাৰ প্ৰতীক। ইয়াক পকেট এণ্টাৰটেইনমেণ্টৰ ইন-হাউছ ক্ৰিয়েটিভ টিমে কনচেপ্টৰ পৰা প্ৰডাকচনলৈকে সৃষ্টি কৰিছে আৰু ব্লেক এণ্ড হোৱাইট ফিল্মছৰ সহযোগত প্ৰযোজনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
