মণ্ট্ৰিয়েল, ৩১ জুলাই (হি.স.)। উইম্বলডনৰ চেম্পিয়ন ইগা ছুয়াটেকে সহজেই নেশ্যনেল বেংক অ’পেন (কানাডিয়ান অ’পেন)ৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। বুধবাৰে অনুষ্ঠিত হোৱা মেচখনত চীনৰ গুও হানিউক ৬-৩, ৬-১ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰে।
ছুইয়াটেকৰ এই মেচখন আছিল উইম্বলডনৰ ফাইনেলৰ পিছত প্ৰথমখন, য’ত তেওঁ আমাণ্ডা এনিছিমোভাক ৬-০, ৬-০ ব্যৱধানত পৰাস্ত কৰি ষষ্ঠখন গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে তেওঁ একেৰাহে ২৪খন খেলত জয়ৰ ধাৰাবাহিকতাও অব্যাহত ৰাখিছিল।
মেচৰ পিছত ছুৱেটেকে কয়, মই ভাবো আজি মই অতি কঠিনভাৱে খেলিলোঁ। ইমান দীঘলীয়া বিৰতিৰ পিছত হাৰ্ড ক’ৰ্টত খেলাটো সদায় প্ৰত্যাহ্বানজনক, কিন্তু মই নিজৰ ওপৰত গুৰুত্ব দিবলৈ সক্ষম হৈছিলো, পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাবলৈ সক্ষম হৈছিলো আৰু ভাল প্ৰদৰ্শন কৰিছিলো।
দ্বিতীয় ছিড পোলেণ্ডৰ তাৰকাগৰাকীয়ে এতিয়া শুকুৰবাৰে ৰাছিয়াৰ আনাষ্টেছিয়া পাভল্যুচেনকোভা আৰু জাৰ্মানীৰ ইভা লিছৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বিজয়ীৰ সৈতে মুখামুখি হ’ব।
দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন আমেৰিকাৰ জেচিকা পেগুলাও তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। গ্ৰীচৰ মাৰিয়া ছাকাৰীক ৭-৫, ৬-৪ ব্যৱধানত পৰাস্ত কৰে।
ষষ্ঠ ছিড আমেৰিকাৰ মেডিচন কিছে জাৰ্মানীৰ ল’ৰা ছিগেমুণ্ডক ৬-২, ৬-১ ব্যৱধানত পৰাস্ত কৰে। একে সময়তে ৰাছিয়াৰ লুডমিলা ছামছ’নোভাৰ বিৰুদ্ধে কঠিন যুঁজত জয়লাভ কৰে জাপানৰ বিশ্বৰ প্রাক্তন এক নম্বৰ নাওমি ওছাকাই ৷ ওছাকাই ৪-৬, ৭-৬ (৬), ৬-৩ ব্যৱধানত জয়লাভ কৰে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
