নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। আফগানিস্তান ক্ৰিকেট দলটোৱে এছিয়া কাপ ২০২৫ৰ পিছত অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু সম সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ মেচখন আবুধাবিত অনুষ্ঠিত হ’ব। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে (এচিবি) আয়োজন কৰিব এই শৃংখলা।
দেওবাৰে এচিবিয়ে জনোৱা মতে, ২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ ইউ এ ইত তিনিখন এদিনীয়া আৰু ইমান সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে বাংলাদেশক আদৰিব একে মাহৰ ৮, ১১ আৰু ১৪ অক্টোবৰ তাৰিখে।
আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নাছিব খানে কয় যে এই ভ্ৰমণে আমাৰ অংশীদাৰিত্বৰ শক্তি আৰু নিৰপেক্ষ স্থানতো বিশ্বমানৰ ক্ৰিকেট অভিজ্ঞতা প্ৰদানৰ বাবে আমাৰ যৌথ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ চিইঅ’ নিজামুদ্দিন চৌধুৰীয়ে কয় যে আমি সংযুক্ত আৰব আমিৰশ্বাহীত আফগানিস্তানৰ সৈতে প্ৰতিযোগিতামূলক আৰু ৰোমাঞ্চকৰ সীমিত অভাৰৰ ছিৰিজৰ বাবে আগ্ৰহী। এই ভ্ৰমণে এছিয়া কাপৰ পিছত এক মূল্যৱান প্ৰতিযোগিতাই উপস্থাপন কৰাই নহয়, আমাৰ দুয়োখন ক্ৰিকেট ব’ৰ্ডৰ মাজত থকা পাৰস্পৰিক সন্মান আৰু শক্তিশালী সম্পৰ্ককো প্ৰতিফলিত কৰে। এই ধাৰাবাহিকখন আয়োজন কৰাৰ বাবে আফগানিস্তান ক্ৰিকেট ব’ৰ্ড আৰু সহযোগিতাৰ অবিৰত মনোভাৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো।
টি-২০ এছিয়া কাপ ২০২৫ সম্পূৰ্ণ হোৱাৰ ঠিক পিছতেই দুয়োটা দলে শৃংখলা আৰম্ভ কৰিব। ইউ এ ইত ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ এছিয়া কাপ অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
