নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’বলগা ব্যৱসায়িক সপ্তাহত প্ৰাথমিক বজাৰখন ব্যাপক হ’ব। এই সপ্তাহত কমেও ১০টা কোম্পানীয়ে আই পি অ’ আৰম্ভ কৰিছে। ইয়াৰে ২টা আইপিঅ’ মেইনব’ৰ্ড ছেগমেণ্টৰ, বাকী ৮টা আইপিঅ’ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। নতুন আই পি অ’ৰ উপৰিও যোৱা সপ্তাহত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা এ আৰ চি ইনচুলেচন এণ্ড ইনচুলেটৰছৰ আই পি অ’ত ২৫ আগষ্টলৈকে বিনিয়োগ কৰিব পাৰিব, আনহাতে ২৬ আগষ্টলৈকে আনন্দিটা মেডিকেয়াৰ, ক্লাছিক ইলেক্ট্ৰ’ডছ (ভাৰত) আৰু শিৱশ্ৰিত ফুডছৰ আই পি অ’ত বিনিয়োগ কৰিব পাৰিব।ইয়াৰ উপৰিও কাইলৈ আৰম্ভ হ’বলগীয়া নতুন সপ্তাহত ৮টা কোম্পানীয়ে নিজৰ কাম-কাজ আৰম্ভ কৰিবলৈ ওলাইছে ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈ। ইয়াৰে ৫টা কোম্পানী মেইনবৰ্ড ছেগমেণ্টৰ, আনহাতে ৩টা কোম্পানী ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ।
সপ্তাহটোৰ প্ৰথমটো ট্ৰেডিং দিন ২৫ আগষ্টত এন আই এছ মেনেজমেণ্ট আৰু গ্ল’বেটিয়েৰ ইনফ’টেকৰ আই পি অ’ ৰাজহুৱা চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই দুয়োটা আই পি অ’ৰ নিবিদা ২৮ আগষ্টলৈকে খোলা থাকিব।নিৰাপত্তা আৰু সুবিধা ব্যৱস্থাপনা সেৱা প্ৰদান কৰা এন আই এছ মেনেজমেণ্টৰ ৬০ কোটি টকাৰ আই পি অ’ত নিবিদাৰ বাবে ১০৫ টকাৰ পৰা ১১১ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে। একেদৰে আই টি ছলিউচন প্ৰদান কৰা কোম্পানী গ্ল’বেটিয়েৰ ইনফ’টেকৰ ৩১ কোটি টকাৰ আই পি অ’ৰ বাবে প্ৰতি শ্বেয়াৰত ৭২ টকাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।
সপ্তাহটোৰ দ্বিতীয় ব্যৱসায়িক দিন ২৬ আগষ্টত বিদ্যুৎ পৰিবহন আৰু জল আন্তঃগাঁথনি সেৱা প্ৰদান কৰা কোম্পানী বিক্ৰান ইঞ্জিনিয়াৰিঙৰ ৭৭২ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ৰ নিবিদা ২৯ আগষ্টলৈকে খোলা থাকিব।আই পি অ’ৰ অধীনত নিবিদাৰ বাবে প্ৰতি শ্বেয়াৰত ৯২ টকাৰ পৰা ৯৭ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে। একেদিনাই ফাৰ্মা ইন্টাৰমিডিয়েট আৰু এক্টিভ ফাৰ্মা ইংগ্ৰেডিয়েণ্ট (এপিআই) প্ৰস্তুত কৰা কোম্পানী এনলন হেল্থকেয়াৰৰ ১২১ কোটি টকাৰ আই পি অ’ও চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৯ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত নিবিদাৰ বাবে প্ৰতি শ্বেয়াৰত ৮৬ টকাৰ পৰা ৯১ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে।
এই দুটা কোম্পানীৰ আই পি অ’ৰ উপৰিও পানীৰ আন্তঃগাঁথনি আৰু বর্জ্য পানী ব্যৱস্থাপনা সমাধান প্রদানকাৰী কোম্পানী সাতভা ইঞ্জিনিয়াৰিঙৰ ৩৫.৪০ কোটি টকাৰ আই পি অ’ও অহা ২৬ আগষ্টত চাবস্ক্রিপচনৰ বাবে মুকলি হ’ব ৷ এই আই পি অ’ত ২৯ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত নিবিদাৰ বাবে প্ৰতি শ্বেয়াৰত ৭০ টকাৰ পৰা ৭৫ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে। একেদৰে ইপিচি কোম্পানী কাৰেণ্ট ইনফ্ৰাপ্ৰজেক্টছৰ ৪১.৮০ কোটি টকাৰ আইপিঅ’ও ২৬ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। আই পি অ’ৰ অধীনত নিবিদাৰ বাবে প্ৰতি শ্বেয়াৰত ৭৬ টকাৰ পৰা ৮০ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে। গণেশ চতুৰ্থী বন্ধৰ পিছত ২৮ আগষ্টত তেল আৰু গেছ খণ্ডৰ কোম্পানী অভাল প্ৰজেক্টছ ইঞ্জিনিয়াৰিঙৰ ৪৬.৭৪ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব।এই আই পি অ’ত ১ ছেপ্টেম্বৰলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত নিবিদাৰ বাবে মূল্য বেণ্ড প্ৰতি শ্বেয়াৰত ৮০ টকাৰ পৰা ৮৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে।
সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন ২৯ আগষ্টত মুকলি হ’ব তিনিটা কোম্পানী ছাগছ লয়ড, এব্ৰিয়াল পেপাৰ টেক আৰু স্নেহা অৰ্গেনিকছৰ আই পি অ’। এই তিনিটা আই পি অ’ত ১ ছেপ্টেম্বৰলৈকে নিবিদা কৰিব পাৰিব।ইয়াৰ ভিতৰত ছাগছ লয়ডৰ ৮৫.৬৬ কোটি টকাৰ আই পি অ’ৰ মূল্য বেণ্ড ১১৭ টকাৰ পৰা ১২৩ টকালৈ প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰা হৈছে। একেদৰে এব্ৰিয়াল পেপাৰ টেকৰ ১৩.৪২ কোটি টকাৰ আই পি অ’ৰ বাবে প্ৰতি শ্বেয়াৰৰ মূল্য ৬১ টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, স্নেহা অৰ্গেনিকছৰ ৩২.৬৮ কোটি টকাৰ আই পি অ’ৰ প্ৰাইচ বেণ্ড প্ৰতি শ্বেয়াৰত ১১৫ টকাৰ পৰা ১২২ টকা নিৰ্ধাৰণ কৰা হৈছে।
নতুন তালিকাভুক্তকৰণৰ ক্ষেত্ৰত সপ্তাহৰ প্ৰথম দিনটোত অৰ্থাৎ ২৫ আগষ্টত ষ্টুডিঅ’ এল এছ ডিৰ শ্বেয়াৰসমূহ এন এছ ইৰ এছ এম ই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব। পিছদিনা পেটেল ৰিটেইল, বিক্ৰম ছ’লাৰ, জেম এৰোমেটিক্স আৰু শ্ৰীজি শ্বিপিং গ্ল’বেলৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব আৰু শ্বেয়াৰ বজাৰত ব্যৱসায় আৰম্ভ হ’ব। একেদিনাই এলজিটি বিজনেছ কানেকচনৰ শ্বেয়াৰ বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব। গণেশ চতুৰ্থী বন্ধৰ পিছত ২৮ আগষ্টত মংগল বৈদ্যুতিক ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।সপ্তাহৰ শেষৰ ব্যৱসায়িক দিন অৰ্থাৎ ২৯ আগষ্টত এআৰচি ইনচুলেশ্যন এণ্ড ইনচুলেটৰ আৰু ক্লাছিক ইলেক্ট্ৰ’ডৰ শ্বেয়াৰ এনএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
