নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মহিলা হকী দলৰ অভিজ্ঞ ডিফেণ্ডাৰ উদিতাই মহিলা এছিয়া কাপ ২০২৫ত সুন্দৰ প্ৰদৰ্শনেৰে দলটোক ফাইনেললৈ লৈ যোৱাই নহয়, খেলৰ ভিত্তিত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ৰ খিতাপও লাভ কৰে। অৱশ্যে খিতাপ মেচত আয়োজক চীনৰ হাতত ১-৪ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু ভাৰতে ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হৈছিল।
এই প্ৰতিযোগিতাত ডিফেন্সৰ লগতে আক্ৰমণাত্মক ভূমিকা পালন কৰি উদিতাই উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। নিয়মীয়া ড্ৰেগ ফ্লিকাৰ দীপিকাৰ অনুপস্থিতিত পেনাল্টি কৰ্ণাৰ দায়িত্ব ল’লে আৰু ছেট-পিছৰ পৰা তিনিটা গ’ল দিয়ে।
এই সন্মান লাভ কৰাৰ সন্দৰ্ভত মঙলবাৰে হকী ইণ্ডিয়াৰ উদ্ধৃতিৰে উদিতাই কয় যে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এই কৃতিত্ব বিশেষ কাৰণ মই এইবাৰ ইউৰোপত অনুষ্ঠিত হোৱা এফ আই এইচ প্ৰ’ লীগৰ মেচৰ পৰা আঁতৰি আছিলো। এনে পৰিস্থিতিত মোৰ লক্ষ্য আছিল এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনত শক্তিশালীভাৱে ঘূৰি অহা। এই যাত্ৰাত মই মোৰ সতীৰ্থ আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছিলো, যাৰ বাবে মই কৃতজ্ঞ।
দলটোৰ প্ৰদৰ্শনৰ সন্দৰ্ভত তেওঁ কয়, আমি গোটেই প্ৰতিযোগিতাখনতে ভাল হকী খেলিলোঁ আৰু কঠিন মেচত যুঁজৰ মনোভাৱ দেখুৱালোঁ। কোৰিয়া আৰু জাপানৰ দৰে দলৰ বিৰুদ্ধে জয়লাভ কৰিলে আমাৰ আত্মবিশ্বাস বৃদ্ধি পালে। ফাইনেলখন আমাৰ পক্ষত নহ’ল, কিন্তু এই ৰূপৰ পদক আমাৰ অগ্ৰগতিৰ প্ৰতীক আৰু ই আমাক আৰু ভাল কৰিবলৈ অনুপ্ৰাণিত কৰিব।
হাংঝোৰ পুল পৰ্যায়ত থাইলেণ্ড (১১-০) আৰু ছিংগাপুৰ (১২-০)ৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয় লাভ কৰাৰ বিপৰীতে জাপানৰ সৈতে ২-২ গ’লত ড্র খেলিছিল ৷ ছুপাৰ-৪ পৰ্যায়ত ভাৰতে কোৰিয়াক ৪-২ গ’লত পৰাস্ত কৰি চীনৰ হাতত ১-৪ গ’লত পৰাস্ত হোৱাৰ লগতে জাপানৰ সৈতে ১-১ গ’লত ৰোমাঞ্চকৰ খেল খেলি ফাইনেলত প্ৰৱেশ কৰে।
শেষত উদিতাই নিজৰ সন্মান সমগ্ৰ দলটোৰ প্ৰতি উৎসৰ্গা কৰি কয়, ব্যক্তিগত বঁটা সদায় বিশেষ, কিন্তু এয়া সমগ্ৰ দলৰ কঠোৰ পৰিশ্ৰমৰ ফল। প্ৰতিজন খেলুৱৈয়ে অৰিহণা যোগাইছিল আৰু মই গৌৰৱান্বিত যে মই ইমান কঠোৰ পৰিশ্ৰমী দলৰ অংশ। এই অভিজ্ঞতাৰ পৰা আমি শিকিম আৰু শক্তিশালী হৈ উভতি আহিম।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
