ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আকৌ এবাৰ বাতৰিৰ শিৰোনাম। এফালে এছিয়া কাপত তেওঁৰ বলিং আৰু অনন্য চুলিৰ ষ্টাইলৰ বাবে শিৰোনাম দখল কৰাৰ বিপৰীতে আনফালে তেওঁৰ ব্যক্তিগত জীৱনটোও বাতৰিৰ শিৰোনামত আছে। শেহতীয়াকৈ হাৰ্দিকৰ নাম মডেল তথা অভিনেত্ৰী মহিকা শৰ্মাৰ সৈতে জড়িত হৈ আছে। ইয়াৰ পূৰ্বে তেওঁৰ নাম জেচমিন ৱালিয়াৰ সৈতেও জড়িত আছিল। এনে পৰিস্থিতিত এতিয়া অনুৰাগীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে মহিকা শৰ্মা কোন?
মহিকা শৰ্মা পেছাত মডেল আৰু অভিনেত্ৰী, লগতে ফেশ্বন আৰু ফিটনেছ কন্টেন্ট ক্ৰিয়েটৰ। ২৪ বছৰীয়া মহিকাই প্ৰাথমিক শিক্ষা নতুন দিল্লীৰ নেভি চিলড্ৰেন স্কুলৰ পৰা কৰিছিল। ইয়াৰ পিছত আমেৰিকাৰ পৰা কমিউনিটি চাইক’লজীত স্নাতক ডিগ্ৰী লাভ কৰি গুজৰাটৰ গান্ধীনগৰৰ পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু বিত্ত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ফ্ৰীলান্সাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
মহিকা শৰ্মাই ভিভ’ আৰু ইউনিক্ল’ৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপনত কাম কৰি আহিছে। ইয়াৰ উপৰিও ৰেপাৰ ৰাগাৰ মিউজিক ভিডিঅ’তো অভিনয় কৰিছে। অভিনয়ৰ কথা ক’বলৈ গ’লে মহিকাই অৰলেণ্ডো ভন আইনচিডেলৰ ইনটু দ্য ডাস্ক আৰু ওমুং কুমাৰৰ ছবি পি এম নৰেন্দ্ৰ মোডীতো অভিনয় কৰিছে। মডেলিং কেৰিয়াৰত অনিতা ডংগ্ৰে, ঋতু কুমাৰ, তৰুণ তাহিলিয়ানী, মনীষ মালহোত্ৰা, অমিত আগৰৱালাৰ দৰে বিখ্যাত ভাৰতীয় ডিজাইনাৰসকলৰ সৈতে কাম কৰি আহিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
