নিউয়ৰ্ক, ২৫ জুন (হি.স.)। জামাইকাৰ স্প্ৰিণ্টাৰ তথা তিনিবাৰৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী শ্বেলী-এন্নে ফ্ৰেজাৰ-প্ৰাইছে এই সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া জামাইকা নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত নিজৰ কেৰিয়াৰৰ চূড়ান্ত দৌৰ দৌৰিব বুলি ঘোষণা কৰিছে। এই প্ৰতিযোগিতাই হ’ব তেওঁৰ বিখ্যাত আৰু ঐতিহাসিক কেৰিয়াৰৰ চূড়ান্ত ৰাষ্ট্ৰীয় ষ্টপ।
৩৮ বছৰীয়া ফ্ৰেজাৰ-প্ৰাইছে ইতিমধ্যে ২০২৫ চনত ট্ৰেকলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছিল, যিটো বছৰক তেওঁৰ অন্তিম প্ৰতিযোগিতামূলক বছৰ হিচাপে দেখা গৈছিল। তেওঁ কয় যে তেওঁৰ ট্ৰেকত “এতিয়াও অসমাপ্ত কাম আছে”।
মঙলবাৰে (ভাৰতীয় সময় অনুসৰি) নাইকৰ অনুষ্ঠানৰ আঁৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘এয়া মোৰ বাবে এক বিশেষ মুহূৰ্ত হ’ব কাৰণ ইয়াত একো হেৰুৱাবলগীয়া নাই আৰু সকলো লাভ কৰাৰ সময়।
২০০৮ আৰু ২০১২ চনৰ অলিম্পিকত ১০০ মিটাৰ দৌৰত একেৰাহে দুটাকৈ সোণৰ পদক লাভ কৰা ফ্ৰেজাৰ-প্ৰাইছে ১০বাৰৰ বিশ্ব চেম্পিয়ন হৈছে।
টকিঅ’ত ১৩ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও এই চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন কৰা প্ৰতিযোগিতা। অৱশ্যে যোৱাবাৰ ৱাৰ্ম আপৰ সময়ত আঘাতপ্ৰাপ্ত হৈ ১০০ মিটাৰ ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে ফ্ৰেজাৰ-প্ৰাইছৰ বাবে পেৰিছ অলিম্পিক হতাশাজনক আছিল।
ফ্ৰেজাৰ-প্ৰাইছৰ এই সিদ্ধান্তই ট্ৰেক এণ্ড ফিল্ডৰ জগতখনৰ বাবে এটা যুগৰ অন্ত পেলাইছে, যিয়ে কেৱল পদক লাভ কৰাই নহয়, নিজকে আদৰ্শ আৰু প্ৰেৰণা হিচাপেও প্ৰতিষ্ঠা কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
