ছলমান খানৰ ভনী জোৱাই তথা অভিনেতা আয়ুষ শৰ্মা বৰ্তমান মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক চিকিৎসালয়ৰ বিচনাত বিশ্ৰাম কৰি থকা দেখা গৈছে। পোষ্টটোৰ জৰিয়তে আয়ুষে কয় যে তেওঁৰ পিঠিৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছে। তেওঁ প্ৰকাশ কৰে যে ২০২৪ চনত মুক্তি পোৱা ‘ৰুছলান’ ছবিৰ শ্বুটিং কৰাৰ সময়ত ষ্টাণ্টৰ দৃশ্য এটা কৰি থাকোঁতে তেওঁ এই আঘাত পাইছিল। এতিয়া তেওঁ লাহে লাহে আৰোগ্যৰ দিশত আগবাঢ়িছে।
আয়ুষ শৰ্মাই বিশ্বাস কৰে যে তেওঁৰ পিঠিৰ বিষক আওকাণ কৰি তেওঁ এটা ডাঙৰ ভুল কৰিছিল। এতিয়া যেতিয়া এই গাফিলতিৰ বাবে দুটাকৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল, তেতিয়া তেওঁ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ অনুভৱ শ্বেয়াৰ কৰিছিল।
আয়ুষে লিখিছে, জীৱনে আপোনাক লেহেমীয়া কৰাৰ উপায় বিচাৰি পায়। যোৱা কেইবছৰমানৰ পৰা মোৰ পিঠিত অহৰহ বিষ হৈছিল। এই বিষ আৰম্ভ হৈছিল ‘ৰুছলান’ৰ চেটত একচন দৃশ্যৰ সময়ত। মই ইয়াক লুকুৱাই ৰাখিছিলো আৰু ইয়াক সহজভাৱে লৈছিলো, যিটো এতিয়া এটা ডাঙৰ সমস্যাত পৰিণত হৈছে। তেওঁৰ এই পোষ্টটো কেৱল ব্যক্তিগত অভিজ্ঞতাই নহয় নিজৰ স্বাস্থ্যক আওকাণ কৰি কাম কৰি থকা সকলোৰে বাবেও এক সতৰ্কবাণীও।
আয়ুষ শৰ্মাই নিজৰ পোষ্টটোত আৰু লিখিছে, এতিয়া যেতিয়া মই নতুন ছবিৰ শ্বুটিং কৰি আছিলো, তেতিয়া হঠাতে পৰিস্থিতি সলনি হৈ গ’ল। নাচ, ষ্টাণ্ট, আনকি সাধাৰণ দঙা-মেলাও বন্ধ হৈ গৈছে। মই কৰা আটাইতকৈ ডাঙৰ ভুলটো আছিল যে মই বিষটোক আওকাণ কৰিলোঁ। এতিয়া মোৰ পিঠিৰ দুটা অস্ত্ৰোপচাৰ হৈছে। মই লাহে লাহে সুস্থ হৈ উঠিছো আৰু কামলৈ ঘূৰি আহিবলৈ অপেক্ষা কৰি আছো।
আয়ুষৰ এই পোষ্টটোৱে অনুৰাগীসকলক আৱেগিক কৰি তুলিছে। কৰ্মৰ কথা ক’বলৈ গ’লে আয়ুষ শৰ্মাক অতি সোনকালে দেখা যাব ‘ক্ৱাথা’ ছবিখনত, য’ত তেওঁৰ এক সুকীয়া আৰু তীব্ৰ অৱতাৰ দেখা যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
