মিয়ামি, ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডবেনৰ পুৰুষৰ ডাবলছ যুটিটোৱে বৃহস্পতিবাৰে চলি থকা মিয়ামি অ’পেন টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। বোপানা আৰু এডবেনৰ যুটিয়ে ছেমি ফাইনেলত স্পেইনৰ মাৰ্চেল গ্ৰেনোলাৰ্ছ আৰু তেওঁৰ আৰ্জেণ্টিনাৰ অংশীদাৰ হ’ৰাচিঅ’ জেবালছৰ বিৰুদ্ধে ৬-১ আৰু ৬-৪ ব্যৱধানত জয়লাভ কৰে।
প্ৰথম মুহূৰ্তৰ পৰাই খেলখনত আধিপত্য বিস্তাৰ কৰিছিল বোপানা আৰু এবডেনে। ভাৰতীয়-অষ্ট্ৰেলিয়ান যুটিটোৱে প্ৰথম ছেটত ৬-১ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয় ছেটত বিপক্ষই কামবেক কৰিবলৈ চেষ্টা কৰিছিল যদিও বোপানা আৰু তেওঁৰ সংগীয়ে নিজৰ স্থিৰতা বজাই ৰাখি ৬-৪ ব্যৱধানত জয়লাভ কৰে। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই টুইটাৰত লিখিছে, মিয়ামি অ’পেনৰ ফাইনেলত গ্ৰেণ্ড এণ্ট্ৰি! প্ৰবীণ আৰু শীৰ্ষ এথলীট বোপানা আৰু তেওঁৰ অষ্ট্ৰেলিয়ান ডাবলছৰ অংশীদাৰ এবডেনে স্পেইনৰ এম গ্ৰেন’লাৰ্ছ আৰু আৰ্জেণ্টিনাৰ এইচ জেবালছক ৬-১, ৬-৪ ব্যৱধানত পৰাস্ত কৰি ছিজনৰ তৃতীয় ফাইনেলত প্ৰৱেশ কৰে। সুন্দৰ ! সামৰণি সমাৰোহৰ বাবে শুভেচ্ছা আৰু অভিনন্দন।
