
লক্ষিমপুৰ, ২২ আগষ্ট (হি.স.): লক্ষিমপুৰৰ বান্দৰদেৱাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ সৰবাৰহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগ বাহাদুৰ থাপাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চলাইছিল এই অভিযান।
আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৱা কালি বৃহস্পতিবাৰে বিয়লি পথাপাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছ সহ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং পিঠাগুৰিৰ ক্ষীৰোদ দত্তৰ পুত্ৰ বিকাশ দত্ত (২৬)ক গ্ৰেপ্তাৰ কৰে ৷ তেওঁৰ হাতৰ পৰা ৫০ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
