নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। ভাৰতীয় প্ৰবীণ গলফাৰ তথা অৰ্জুন বঁটা বিজয়ী গগঞ্জিত সিং ভুলাৰে ইণ্ডিয়ান গলফ প্ৰিমিয়াৰ লীগ (আই জি পি এল)ত আইকন প্লেয়াৰ হিচাপে চুক্তিবদ্ধ হৈছে। বহু প্ৰত্যাশিত এই লীগত তেওঁ এটা ফ্ৰেঞ্চাইজি দলৰ নেতৃত্ব দিব।
সংবাদমেলৰ সময়ত ভুলাৰে আই জি পি এলক শেহতীয়া বছৰবোৰত আটাইতকৈ ৰোমাঞ্চকৰ গ’ল্ফ পদক্ষেপ বুলি অভিহিত কৰি ইয়াত অংশগ্ৰহণ কৰাৰ আঁৰৰ কাৰণসমূহ ব্যক্ত কৰে। ভুলাৰে কয় যে গলফ ব্যক্তিগত খেল, কিন্তু যেতিয়াই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছো তেতিয়াই দল হিচাপে খেলি সদায় ভাল পাই আহিছো।২০০৬ চনৰ দোহা এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ অভিজ্ঞতা এতিয়াও স্মৰণীয়।
ভুলাৰে কয়, মানুহে হয়তো উপলব্ধি নকৰে যে গলফ এটা অতি ব্যয়বহুল খেল। এনে পৰিস্থিতিত আই জি পি এলৰ দৰে লীগে যুৱক-যুৱতীসকলক কেৱল এটা মঞ্চ দিয়াই নহয়, আৰ্থিকভাৱেও সহায় কৰিব। ই কেৱল শ্ব’পিছ লীগ নহয়, ইয়াত গুৰুতৰ প্ৰতিযোগিতা আৰু ডাঙৰ পুৰস্কাৰৰ ধন থাকিব। তেওঁ কয়, যিসকল যুৱ খেলুৱৈয়ে নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে আছে, তেওঁলোকৰ বাবে এনে এখন লীগত অংশগ্ৰহণ কৰি ধন উপাৰ্জন কৰাটো আৰু নিজৰ খেলত বিনিয়োগ কৰাটো এটা ডাঙৰ কথা হ’ব। কাৰণ যেতিয়া সম্পদ নাথাকে তেতিয়া আৰম্ভণিতে বহু খেলুৱৈ পিছ পৰি থাকে। আইজিপিএলে এই ব্যৱধান দূৰ কৰাত সহায় কৰিব।
তেওঁ কয়, যেতিয়া মই গলফ লীগৰ বিষয়ে তথ্য পাইছিলো, তেতিয়া মই অনুভৱ কৰিছিলো যে মই এইটোৱেই অপেক্ষা কৰি আছিলো। কাৰণ আমি প্ৰায়ে দল হিচাপে খেলিব নোৱাৰো। এইটো এটা দিশ আছিল যিটো মোৰ কেৰিয়াৰত অসম্পূৰ্ণ যেন লাগিছিল।
আই জি পি এল হ’ব ভাৰতৰ প্ৰথমখন পেছাদাৰী গ’ল্ফ লীগ য’ত পুৰুষ আৰু মহিলা খেলুৱৈক একেখন প্লেটফৰ্মতে খেলা দেখা যাব। ফ্ৰেঞ্চাইজি ভিত্তিক লীগত আঞ্চলিক চাৰ্কিটও থাকিব, যিয়ে খেলৰ ফৰ্মেট পুনৰ উদ্ভাৱন কৰাই নহয়, অন্তৰ্ভুক্তি আৰু খেলুৱৈ সবলীকৰণকো প্ৰসাৰিত কৰিব।
লীগৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে ক্ৰিকেট কিংবদন্তি আৰু গ’ল্ফ অনুৰাগী যুৱৰাজ সিং সহ-মালিক আৰু ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আৰু ভাৰতৰ পুৰুষ, মহিলা আৰু অপেশাদাৰী গ’লফাৰৰ বাবে এক আগশাৰীৰ মঞ্চ হ’বলৈ সাজু হোৱা ইণ্ডিয়ান গ’ল্ফ ইউনিয়নৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা।
ভুলাৰে লীগক উদীয়মান প্ৰতিভাক লালন-পালন আৰু প্ৰচাৰৰ এক সুন্দৰ সুযোগ হিচাপে লয়। তেওঁ কয়, ‘যেতিয়া মই দলৰ অধিনায়ক হোৱাৰ সুযোগ পাইছিলো তেতিয়া মই ভাবিছিলো যে মই পৰৱৰ্তী প্ৰজন্মৰ গলফাৰক পথ প্ৰদৰ্শন কৰিব পাৰিম।এই দায়িত্বই মোক ব্যক্তিগতভাৱেও উত্তেজিত কৰে।শিৱ কাপুৰ, গৌৰৱ ঘাই আৰু এছ এছ পি চাৱৰাছিয়াৰ দৰে প্ৰবীণ খেলুৱৈৰ উপস্থিতিত যুৱ খেলুৱৈসকলে বহু কথা শিকিব পাৰিব আৰু তেওঁলোকৰ বিকাশ দ্ৰুত হ’ব।”
প্ৰথম সংস্কৰণৰ পূৰ্বে আইজিপিএলে দেশৰ বিভিন্ন চহৰ ভ্ৰমণ কৰি সমগ্ৰ দেশতে গলফৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক লীগৰ সৈতে সংযোগ স্থাপন কৰিব।
লীগৰ লক্ষ্য কেৱল প্ৰতিযোগিতামূলক গ’ল্ফক প্ৰসাৰ কৰাই নহয়, ইয়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱা আৰু খেলুৱৈৰ বিকাশৰ বাবে এক সম্পূৰ্ণ গাঁথনি গঢ়ি তোলা। ইয়াৰ অধীনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু প্ৰবীণ খেলুৱৈসকলক ভাৰতীয় খেলুৱৈসকলক উত্তম পথ প্ৰদৰ্শন আৰু অভিজ্ঞতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। ইয়াৰ লগতে আইজিপিএলে দেশৰ বিভিন্ন বিদ্যালয়-বিশ্ববিদ্যালয়ৰ সৈতেও অংশীদাৰিত্ব কৰি গ’ল্ফৰ শিপা শক্তিশালী কৰি স্থায়ী প্ৰতিভাৰ পাইপলাইন সৃষ্টি কৰিব।
মহিলাৰ বাবে লীগে ভাৰতীয় মহিলা গ’ল্ফ এছ’চিয়েশ্যনৰ সৈতেও অংশীদাৰিত্ব কৰিছে, যাতে মহিলা গ’ল্ফাৰসকলেও পেছাদাৰী মঞ্চ, সঠিক দৃশ্যমানতা আৰু গাঁথনিগত সুযোগ লাভ কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
