• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ১৩৪ সংখ্যক ডুৰাণ্ড কাপৰ বাবে পঞ্জাব এফ চিয়ে ঘোষণা কৰিলে ২৫ জনীয়া দল
Sports

১৩৪ সংখ্যক ডুৰাণ্ড কাপৰ বাবে পঞ্জাব এফ চিয়ে ঘোষণা কৰিলে ২৫ জনীয়া দল

CliQ INDIA
Last updated: July 27, 2025 9:40 am
CliQ INDIA
Share
3 Min Read
SHARE

মোহলী, ২৬ জুলাই (হি.স.)। পঞ্জাৱ এফ চিয়ে ১৩৪ সংখ্যক ডুৰাণ্ড কাপৰ বাবে ঘোষণা কৰিছে ২৫ জনীয়া দল। এই সন্মানীয় প্ৰতিযোগিতাখন দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত কৰা হৈছে। পঞ্জাৱ এফ চিক গ্ৰুপ ‘ডি’ত স্থান দিয়া হৈছে আৰু দলটোৱে নিজৰ গ্ৰুপৰ সকলো খেল অসমৰ কোকৰাঝাৰ ছাই ষ্টেডিয়ামত খেলিব।

এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে সকলো ভাৰতীয় খেলুৱৈৰে গঠিত এটা যুৱ দল বাছনি কৰিছে। দলটোৰ ঘোষণা সন্দৰ্ভত মুখ্য প্ৰশিক্ষক ডিলম্পেৰিছে কয়, আমি এটা যুৱ আৰু শক্তিশালী দল বাছনি কৰিছো, য’ত যোৱা ছিজনৰ পৰাই বেছিভাগ খেলুৱৈকে ধৰি ৰখা হৈছে। ইয়াৰ উপৰিও আমি দলটোত বহু একাডেমী খেলুৱৈকো অন্তৰ্ভুক্ত কৰিছো, যিসকলে ৰিজাৰ্ভ আৰু জুনিয়ৰ পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ এটা সুষম দল আছে যিয়ে প্ৰতিযোগিতাখনত বহু দূৰলৈ যোৱাৰ সম্ভাৱনা আছে আৰু আমি নতুন ছিজনৰ ইতিবাচক আৰম্ভণিৰ বাবে আগ্ৰহী।

ইয়াৰ উপৰিও দলটোত আছে মহম্মদ উৱেইছ আৰু বিজয় ভাৰ্গেজৰ দৰে নতুন খেলুৱৈৰ লগতে ৰাকেশ মেইটেই, যিয়ে কেৰালা ব্লাষ্টাৰছৰ পৰা ঋণৰ সময়সীমা আৰু এটা ছিজনৰ বাবে বৃদ্ধি কৰা হৈছে। যোৱা ছিজনটো গোকুলাম কেৰালা এফ চি (আই-লীগ)ত ঋণত কটোৱা ৰঞ্জিত পাণ্ডেও দললৈ ঘূৰি আহিছে।

ডিলাম্পেৰিছে আয়ুষ দেশৱাল, পৰমবীৰ সিং, মংগেলেনথাং কিপগেন, চিংগাময়ুম ছামি, মহম্মদ সুহাইল, ওমাং ডোদুম, বিশাল যাদৱ আৰু লাইশ্ৰম ৰিশকান্ত মেইটেইকে ধৰি মুঠ ১১ গৰাকী একাডেমী খেলুৱৈক চুক্তিবদ্ধ কৰিছে, যিসকলে যোৱা ছিজনত অভিষেক ঘটায়।

পঞ্জাৱ এফ চিৰ কাৰিকৰী সঞ্চালক নিকোলাওছ টপোলিয়াটিছে কয়, ‘ইমানবোৰ একাডেমী খেলুৱৈৰ চুক্তিবদ্ধ হোৱাটো আমাৰ দৃষ্টিভংগীৰ অংশ, ক্লাবৰ সৈতে বৃদ্ধি পোৱা যুৱক-যুৱতীসকলৰ এক শক্তিশালী ভেটি গঢ়ি তোলা। মই নিশ্চিত যে এই দলটোৱে যোৱা ছিজনতকৈ ভাল কাম কৰিব পাৰিব আৰু মই সকলো খেলুৱৈকে ছিজনৰ এক সুন্দৰ আৰম্ভণিৰ বাবে শুভকামনা জনাইছো।”

পঞ্জাব এফ চি দল:

গ’লৰক্ষক : আয়ুষ দেশৱাল, মুহিত শ্বব্বিৰ, ৰবিকুমাৰ

ডিফেণ্ডাৰ : বিজয় ভাৰ্গেছ, খাইমিংথাং লুংডিম, মানৱ সিং, মহম্মদ উৱাইছ, নংমাইকপাম সুৰেশ মেইটেই, পৰমবীৰ সিং, লিকমাবাম ৰাকেশ মেইটেই, উষাম থোংগাম্বা সিং

মিডফিল্ডাৰ : লিঅ’ন অগাস্টিন, মাংলেন্থাং কিপগেন, নিখিল প্ৰভু, প্ৰিন্সটন ৰেবেলো, ৰিচি শ্বাবং, লাইশ্ৰম ৰিশকান্ত মেইটেই, চিংগামায়ুম শামী, বিনীত ৰায়

ফৰৱাৰ্ড : মহম্মদ সুহাইল এফ, নিন্টোইংগনবা মেইটেই, ওমাং ডোডুম, কনছাম সনাতোই সিং, বিশাল যাদৱ, ৰঞ্জিত সিং পাণ্ডে

পঞ্জাৱ এফ চিয়ে ৩ আগষ্টৰ পৰা কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে ডুৰাণ্ড কাপ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ৬ আগষ্টত ভাৰত-তিব্বত সীমান্ত আৰক্ষী এফ টি আৰু ৯ আগষ্টত বডোলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৬ ফাইনেল: ভাৰত এ-ই বাংলাদেশ এ-ক ৪৬ ৰানত পৰাস্ত কৰি একেৰাহে মহাদেশীয় খিতাপ দখল কৰিলে
ৱেষ্ট ইণ্ডিজৰ লজ্জাজনক ইতিহাস সৃষ্টি, টেষ্ট ক্ৰিকেটত গঢ়িলে দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ
ৰাষ্ট্ৰীয় খেলত ৫x৫ বাস্কেটবলৰ আকৰ্ষণ , দলসমূহৰ ডেৰাডুনত প্ৰতিযোগিতাত অংশগ্ৰহণ | BulletsIn
ক্ৰিকেট জ্বৰত আক্ৰান্ত ডিমৰীয়া
গুৱাংডং-হংকং-মাকাও ৰোড চাইকেল দৌৰত বিজয়ী হাও ৰান | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা জুলাই মাহত স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু খাদ্য সুৰক্ষা প্ৰশিক্ষণৰ আয়োজন
Next Article থাইলেণ্ড আৰু কম্বোডিয়ালৈ ট্ৰাম্পৰ কঠোৰ সতৰ্কবাণী, যদি যুদ্ধ বন্ধ নহয় তেন্তে কোনো বাণিজ্য নহ’ব
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?