ৱাশ্বিংটন, ২৭ জুলাই (হি.স.)। থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত চলি থকা সীমা বিবাদক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুয়োখন দেশক শীঘ্ৰে যুদ্ধবিৰতি কৰিবলৈ সকীয়াই দিছে। ট্ৰাম্পে স্পষ্টকৈ কৈছিল যে যদি দুয়োখন দেশে শান্তি বাহাল নকৰে তেন্তে আমেৰিকাই তেওঁলোকৰ সৈতে কোনো বাণিজ্যিক চুক্তি নকৰে।
ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰিছিল যে থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ “ভাল কথা-বতৰা” হৈছিল আৰু এতিয়া কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুদ্ধ বন্ধ কৰাৰ বিষয়ে কথা পাতিছে। তেওঁ কয় যে দুয়োখন দেশৰ সৈতে আলোচনাৰ অন্তত এনে লাগে যেন শান্তি আৰু সমৃদ্ধি সম্পূৰ্ণ সম্ভৱ। এতিয়া ইয়াৰ পিছত কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।
ট্ৰাম্পে স্পষ্টভাৱে কয় যে আমি দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ আলোচনা কৰি আছো, কিন্তু মই তেওঁলোকক স্পষ্ট কৰি দিছো যে যদি তেওঁলোকে যুদ্ধ অব্যাহত ৰাখে তেন্তে আমেৰিকাই তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাণিজ্য নকৰে।’ তেওঁ আৰু কয় যে তেওঁ অতি সোনকালে পুনৰ থাইলেণ্ডক ফোন কৰিব আৰু কম্বোডিয়াৰ সৈতে অধিক আলোচনা থাইলেণ্ডৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব।
তেওঁৰ বিবৃতিত ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ বিগত সংঘাতৰ কথাও উল্লেখ কৰে। তেওঁ কয়, এই সংঘাতে মোক ভাৰত আৰু পাকিস্তানৰ মাজত থকা পুৰণি উত্তেজনাৰ কথা মনত পেলাই দিয়ে, যিটো সফলতাৰে নিয়ন্ত্ৰণ কৰা হৈছিল। এতিয়া মই এই আঞ্চলিক যুদ্ধক শান্তিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
