
ধুবুৰী, ০১ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । ডুমৰদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি সোমবাৰে নিশা অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ কৰে ২৪ টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ। আটকাধীন জন গৌৰীপুৰ থানাৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ শ্বাহ আলম হক বুলি পৰিচয় পোৱা গৈছে । ঘাইপথৰ কাষত গ্ৰাহকক বিক্ৰী কৰিবলৈ লওঁতেই আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আটক কৰে। উদ্ধাৰ হোৱা ড্ৰাগছৰ ওজন প্ৰায় ২৬ গ্ৰাম বুলি কোৱা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
