• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > মহিলা বিশ্বকাপ ২০২৫: পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত হৰমনপ্ৰীতে কয় – খেলপথাৰখন বেটিঙৰ বাবে সহজ নাছিল
Sports

মহিলা বিশ্বকাপ ২০২৫: পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত হৰমনপ্ৰীতে কয় – খেলপথাৰখন বেটিঙৰ বাবে সহজ নাছিল

CliQ INDIA
Last updated: October 6, 2025 8:25 pm
CliQ INDIA
Share
3 Min Read
SHARE

কলম্বো, ০৬ অক্টোবৰ (হি.স.)। কলম্বোত অনুষ্ঠিত হোৱা মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫ৰ খেলখনত পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰি ভাৰতে একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে।

ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে খেলৰ অন্তত কয় যে দলটোৰ বাবে এইখন অতি গুৰুত্বপূৰ্ণ মেচ আৰু এই জয়ত তেওঁ অতি সুখী, কিন্তু সেয়া সহজ নাছিল।

ভাৰতৰ বেটিং আকৌ এবাৰ থৰক বৰক কৰে আৰু দলটোৱে ৭ উইকেটত ২০৩ ৰানত সংগ্ৰাম কৰি আছিল যদিও ৰিচা ঘোষে ৩৫ নট আউট (২০ বলত) কুইকফায়াৰ ইনিংছ খেলি স্ক’ৰ ২৪৭ ৰান কৰে।

মেচৰ অন্তত হৰমনপ্ৰীতে কয়, সঁচা কথা ক’বলৈ গ’লে এই খেলপথাৰত বেটিং কৰাটো সহজ নাছিল। আমি মাত্ৰ ভাবিছিলো যে যিমান পাৰো সিমান খেলাটোৱেই ভাল হ’ব। শেষবাৰৰ বাবে আমি ইয়াত ট্ৰাই ছিৰিজত খেলিছিলো তেতিয়া উইকেটটো বেলেগ আছিল। কিন্তু যোৱা দুদিনৰ বৰষুণে খেলপথাৰখনক কিছু গ্ৰিপ দিছিল। আমাৰ পৰিকল্পনা আছিল শেষলৈকে উইকেটত ধৰি ৰখা যাতে আমি ফাইনেল অভাৰত ৰান কৰিব পাৰো।

ভাৰতৰ ক্ৰান্তি গৌডে বলিং বিভাগত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ফাষ্ট বলাৰ গৌডে পাকিস্তানৰ আৰম্ভণিতে ব্যাঘাত জন্মাই প্ৰথম দহ অভাৰত সাদাফ ছামাছ আৰু আলিয়া ৰিয়াজৰ উইকেট দখল কৰে। ২০ ৰানত তিনিটা উইকেট দখল কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।

এইখনেই আছিল সেইখন খেলপথাৰ য’ত চলিত বৰ্ষৰ মে’ মাহত ক্ৰান্তিয়ে এদিনীয়াত অভিষেক ঘটাইছিল। ঘৰুৱা এদিনীয়া ফাইনেলত চাৰিটা বলত চাৰিটা উইকেট দখল কৰি সকলোকে আচৰিত কৰি তুলিছিল খেলুৱৈগৰাকীয়ে।

কেপ্তেইন হৰমনপ্ৰীতে তাইক প্ৰশংসা কৰি কয়, ক্ৰাণ্টিয়ে সুন্দৰভাৱে বল কৰিছিল। ৰেণুকাইও আনটো মূৰৰ পৰা ভাল লাইন আৰু লেংথ বজাই ৰাখিছিল, যাৰ ফলত আমাক আগতীয়াকৈ অগ্ৰগতি লাভ কৰিছিল।

অৱশ্যে খেলপথাৰৰ কেইবাটাও সুযোগ হেৰুৱালে ভাৰতে। দলটোৱে পাকিস্তানৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ছিদ্ৰা আমিনৰ তিনিটা কেচকে ধৰি চাৰিটা কেচ ড্ৰপ কৰে। হৰমনপ্ৰীতে স্বীকাৰ কৰে যে ফিল্ডিঙৰ উন্নতিৰ প্ৰয়োজন।

তেখেতে কয়, আমি আমাৰ ফিল্ডিঙত নিজকে হতাশ কৰিলোঁ। আমাৰ বহু সুযোগ আছিল যিবোৰ আমি জব্দ কৰিব নোৱাৰিলোঁ, কিন্তু জয়ী হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আনন্দ আছে।

আগন্তুক মেচসমূহৰ সন্দৰ্ভত হৰমনপ্ৰীতে কয়, এতিয়াই আমি এই জয় উপভোগ কৰিব বিচাৰো। উন্নতিৰ বহু ক্ষেত্ৰত আছে, কিন্তু এতিয়াৰ বাবে আমি এই জয়ত সুখী। আমি ভাৰতলৈ উভতি আহিছো, য’ত আমি পিটচসমূহ ভালদৰে জানো। আমি চাম পৰৱৰ্তী দলৰ সংমিশ্ৰণ কি হ’ব আৰু আমি কেনেকৈ দিনক দিনে উন্নতি কৰিব পাৰো।

এতিয়া ভাৰতে ঘৰুৱা মাটিত (বিশাখাপট্টনম) পৰৱৰ্তী দুখন মেচ ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ১২ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মহিলাৰ দ্য হাণ্ড্ৰেডঃ ছুপাৰচাৰ্জাৰৰ লণ্ডন স্পিৰিটক ৮ উইকেটত পৰাজিত
ইজৰাইলৰ পৰা স্থানান্তৰিত হ’ব ২০২৫ চনৰ ইউৰোপীয় কলাত্মক জিমনাষ্টিক চেম্পিয়নশ্বিপ
ইণ্ডিয়া এ দলৰ অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে দুখন বহুদিনীয়া খেলৰ ঘোষণা, শ্ৰেয়াছ আয়াৰ অধিনায়ক
এডিলেইড টেষ্টৰ পৰা বাদ পৰিল ষ্টিভ স্মিথ, উভতি আহিছে উছমান খোৱাজা
এছেছঃ ছিডনী টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা, উছমান খোৱাজাৰ আন এক সুযোগ লাভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত নিশা হ’লে ম’বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা
Next Article বক্স অফিচত জিলিকি উঠে ‘কান্তৰা অধ্যায় ১’, ৪ দিনত বাজেটতকৈ অধিক উপাৰ্জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?