পাঁচখন মেচৰ শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ
ব্রিষ্টল, ০২ জুলাই (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মহিলা ক্ৰিকেট দলে পুনৰবাৰ শক্তিশালী প্ৰদৰ্শন কৰি মঙলবাৰে গভীৰ নিশা দ্বিতীয়খন টি-২০ মেচত ২৪ ৰানত জয়লাভ কৰে। এই জয়েৰে ভাৰতে পাঁচখন খেলৰ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। জেমিমা ৰড্ৰিগেছ আৰু অমনজোত কৌৰে অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তাৰ পিছত বলাৰসকলে অনুশাসিত প্ৰদৰ্শন কৰি ইংলেণ্ডক লক্ষ্যৰ পৰা আঁতৰাই ৰাখিছিল।
টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতৰ আৰম্ভণি মিশ্ৰিত আছিল। স্মৃতি মান্ধনাই প্ৰথম অভাৰত দুটা চাৰিৰে আৰম্ভণি কৰিছিল যদিও অতি সোনকালেই ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। শ্বেফালী বৰ্মাই পুনৰবাৰ ফ্লপ কৰাৰ লগতে অধিনায়ক হৰমনপ্ৰীত কৌৰেও মাত্ৰ ১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। পাৱাৰপ্লে পৰ্যন্ত ভাৰতৰ স্ক’ৰ আছিল ৩৫/৩।
ইয়াৰ পিছতে জেমিমা ৰড্ৰিগেছ আৰু অমনজোত কৌৰে ইনিংছৰ দায়িত্ব লয়। দুয়োজনে মিলি ৰান ৰেট ত্বৰান্বিত কৰি ১৪ অভাৰৰ পৰা মেচৰ গতিপথ সলনি কৰে। ৰড্ৰিগেছে অবিৰতভাৱে চাৰি আৰু ছয় মাৰি নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। একে সময়তে অমনজোত কৌৰেও আগ্ৰাসী বেটিং কৰি অপৰাজিত ৬৩ ৰান সংগ্ৰহ কৰে। শেষৰ অভাৰত ৰিচা ঘোষে (৩২ * ৰান, ২০ বল) দ্রুত ৰান সংযোজন কৰাৰ লগতে ভাৰতে ২০ অভাৰত ১৮১/৪ ৰান সংগ্ৰহ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডৰ আৰম্ভণি অতি দুৰ্বল আছিল। প্ৰথম অভাৰতে ছফিয়া ডাংকলি ৰান আউট হয় আৰু প্ৰথম বলত ডেনি ৱায়াট-হজ আউট হয়। নেট স্কাইভাৰ-ব্ৰাণ্টে কিছুমান আক্ৰমণাত্মক শ্বট মাৰিছিল যদিও তেওঁ বেছি সময় টিকি থাকিব নোৱাৰিলে। ইয়াৰ পিছত টেমি বিউমন্ট (৫৪ ৰান) আৰু এমি জ’নে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে।
চাৰি বছৰৰ পাছত প্ৰথমটো অৰ্ধশতক সম্পূৰ্ণ কৰিছিল বিউমণ্টে যদিও এটা সুন্দৰ থ্ৰ’ত ৰান আউট হৈছিল। ইয়াৰ পিছত ভাৰতৰ বলাৰসকলে ইংলেণ্ডৰ ৰান ৰেট ৰোধ কৰে। যদিও শেষৰ অভাৰত ছফী এক্লেষ্টনে কিছু ভাল শ্বট খেলিছিল, তথাপিও ইংলেণ্ডক জয়ৰ দিশত লৈ যাব পৰা নাছিল। নিৰ্ধাৰিত ২০ অভাৰত ইংলেণ্ডে ১৫৭/৭ ৰান সংগ্ৰহ কৰে।
চমু স্ক’ৰ: ভাৰত: ১৮১/৪ (২০ অভাৰ) – অমনজোট কৌৰ ৬৩*, জেমিমা ৰড্ৰিগেছ ৬৩; লৰেন বেল ২/১৭
ইংলেণ্ড: ১৫৭/৭ (২০ অভাৰ) – টেমি বিউমন্ট ৫৪, ছফী এক্লেষ্টোন ৩৫*; শ্ৰী চৰণী ২/২৮
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
