-ভাৰতৰ হৈ কণিকা ছিৱাচে বিজয়ী গ’লটো দিয়ে
কেনবেৰা, ২৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে সোমবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ তৃতীয়খন খেলত অষ্ট্ৰেলিয়া ২১ বছৰ অনুৰ্ধ দলক ১-০ গ’লত পৰাস্ত কৰে। কেনবেৰাৰ নেশ্যনেল হকী চেণ্টাৰত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ নিৰ্ণায়ক গ’লটো দিয়ে কনিকা ছিৱাচে (৩২’)।
প্ৰথমাৰ্ধত দুয়োটা দলৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত কণিকা ছিৱাচৰ গুৰুত্বপূৰ্ণ ফিল্ড গ’লে ভাৰতৰ জয় নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ২১ বছৰ অনুৰ্ধ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে একেৰাহে দুখন খেলত ভাৰতে পৰাস্ত হৈছিল যদিও এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে আত্মবিশ্বাস ঘূৰাই আনিছে আৰু বাকী মেচসমূহত উন্নত প্ৰদৰ্শনৰ আশা কৰিছে।
ভাৰতৰ পৰৱৰ্তী খেলখন হ’ব অষ্ট্ৰেলিয়াৰ প্ৰিমিয়াৰ হকী ৱান লীগ ক্লাব কেনবেৰা চিলৰ বিৰুদ্ধে। এই মেচসমূহ ক্ৰমে ৩০ ছেপ্টেম্বৰ আৰু ২ অক্টোবৰত অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সামৰণি পৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
