ব্রিজবেন, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় এ মহিলা ক্ৰিকেট দলে অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথমটো জয় পঞ্জীয়ন কৰিছে। বুধবাৰে ইয়ান হিলি অ’ভেলত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত টাহলিয়া মেকগ্ৰাথৰ অষ্ট্ৰেলিয়া এ দলক তিনিটা উইকেটত পৰাস্ত কৰে।
এই জয় ইণ্ডিয়া এৰ বাবে বিশেষ আছিল, কিয়নো ইয়াৰ পূৰ্বে দলটোৱে টি-২০ৰ তিনিওখন মেচতে পৰাস্ত হৈছিল। ২১৫ ৰানৰ লক্ষ্য খেদি খেদি ইণ্ডিয়া এ ৪২ অভাৰত এই লক্ষ্যত উপনীত হয়। যস্তিকা ভাটিয়াই ৫৯ ৰানৰ সুন্দৰ ইনিংছ খেলাৰ বিপৰীতে ছেফালী বৰ্মা (৩৬) আৰু ধৰা গুজ্জাৰে (৩১) গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ২৫ ৰানত অপৰাজিত হৈ থকা ৰাঘৱী বিষ্টে মিডল অভাৰত অষ্ট্ৰেলিয়া এৰ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টাক বিফল কৰি ভাৰতক জয় প্ৰদান কৰে।
ইয়াৰ পূৰ্বে ইণ্ডিয়া এৰ অধিনায়ক ৰাধা যাদৱে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে তিতাছ সাধু আৰু মিন্নু মণিয়ে দুটাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়া এ দল ২১৪ ৰানত আউট হয়। অনিকা লিয়াৰয়েডে ৯২ ৰানত অপৰাজিত হৈ থাকিলেও সতীৰ্থসকলে ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। ৰেচেল ট্ৰেনেমেনে (৫১) মূল সমৰ্থন দিছিল যদিও তেওঁ ৰান আউট হৈছিল। এতিয়া দুয়োটা দলে ১৫ আৰু ১৭ আগষ্টত একেখন খেলপথাৰতে আৰু দুখন এদিনীয়া খেলিব। ইয়াৰ পিছত ২১ আগষ্টৰ পৰা এলান বৰ্ডাৰ ফিল্ডত চাৰিদিনীয়া অনানুষ্ঠানিক টেষ্ট মেচ অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
