দোহা, ০৮ ফেব্ৰুৱাৰী : বিশ্ব জলজ চেম্পিয়নশ্বিপত বুধবাৰে নিশা ইয়াত অনুষ্ঠিত পুৰুষৰ একক ৩ মিটাৰ স্প্ৰিংব’ৰ্ড ইভেণ্টত একেৰাহে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে চীনৰ ৱাং জংইউয়ানে।
দোহাত চলি থকা প্ৰতিযোগিতাখনত ৫৩৮.৭০ পইণ্ট লাভ কৰি ৱাঙে বিশ্ব চেম্পিয়নশ্বিপৰ অষ্টমটো স্বৰ্ণ পদক আৰু সহযোগী লং দাওইৰ সৈতে ৩ মিটাৰ ছিংক্ৰ’নাইজড খিতাপ দখলৰ পাছত ব্যক্তিগত দ্বিতীয়টো সোণৰ পদক লাভ কৰে।
বুডাপেষ্ট ২০১৭ আৰু গোৱাংজু ২০১৯ৰ বিশ্ব চেম্পিয়ন তথা স্বদেশৰ জি ছি ছিয়ে ৫১৬.১০ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। মেক্সিকোৰ ওছমাৰ অলভেৰা ইবাৰাই ৪৯৮.৪০ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
ছিনহুয়াই ৱাঙৰ উদ্ধৃতিৰে কয় যে, এইবাৰ দোহাত মেক্সিকান নৱাগত আৰু জিৰ প্ৰত্যাৱৰ্তনে মোৰ বাবে কিছু হেঁচা বৃদ্ধি কৰিলে। কিন্তু শেষত মই নিজৰ ওপৰত মনোনিৱেশ কৰি থাকিলোঁ আৰু সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’লোঁ, যাৰ ফলত আগন্তুক অলিম্পিকলৈ মোৰ আত্মবিশ্বাস বৃদ্ধি পাইছে।
২০০৭ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ৭টা সোণৰ পদক লাভ কৰা দেশবাসী কিন কাইক অতিক্ৰম কৰি বিশ্ব জলজ চেম্পিয়নশ্বিপত এতিয়ালৈকে সৰ্বাধিক সফল পুৰুষ ডুবাৰু হিচাপে পৰিগণিত হৈছে ৱাং।
ইয়াৰ পূৰ্বে মহিলাৰ ৩ মিটাৰ ছিংক্ৰ’নাইজড স্প্ৰিংব’ৰ্ড ইভেণ্টত চাং ইয়ানি আৰু চেন য়িৱেনেও ৩২৩.৪৩ পইণ্ট লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে।
বিশ্ব জলজ চেম্পিয়নশ্বিপত মহিলাৰ ৩ মিটাৰ স্প্ৰিংব’ৰ্ড ইভেণ্টত চীনে দীৰ্ঘদিন ধৰি আধিপত্য বিস্তাৰ কৰি আহিছে, ২০০১ চনৰ ফুক’কাৰ পিছত ছিনক্ৰ’নাইজড আৰু ব্যক্তিগত দুয়োটা দিশতে ২৫টা সোণৰ পদক লাভ কৰিছে।
অষ্ট্ৰেলিয়াৰ এনাবেল স্মিথ আৰু মেডিচন কিনীয়ে ৩০০.৪৫ পইণ্টেৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ব্ৰিটেইনৰ স্কাৰলেট মেভ জেনচেন আৰু ইয়াছমিন হাৰ্পাৰে ২৮১.৭০ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
