জেনেভা, ০১ ডিছেম্বৰ (হি.স.)। ফিফা ২০৩০ বিশ্বকাপ আয়োজনৰ দৌৰত যোগ দিছে মৰক্কো, পৰ্তুগাল আৰু স্পেইনে। বৃহস্পতিবাৰে এই তথ্য দি ফিফাই কয় যে তেওঁলোকে এই দেশসমূহৰ পৰা নিবিদা চুক্তি লাভ কৰিছে।
ফিফাই ইয়াৰ পূৰ্বে জনোৱা মতে, ২০৩০ চনৰ বিশ্বকাপৰ খেলৰ সৈতে শতবাৰ্ষিকী উদযাপনৰ আয়োজন কৰিবলৈ উৰুগুৱে, আৰ্জেণ্টিনা আৰু পেৰাগুৱেকো নিবিদাকাৰী হিচাপে নিশ্চিত কৰা হৈছে।
ফিফাই ঘোষণা কৰে যে আয়োজকগৰাকীক ফিফা কংগ্ৰেছে নিযুক্তি দিব। ২০২৪ চনৰ জানুৱাৰী মাহত ফিফাই সকলো নিবিদাকাৰীৰ সৈতে লক্ষ্য নিৰ্ধাৰণ কৰি আলোচনা কৰিব আৰু সম্যক মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত নিজৰ মূল্যায়ন প্ৰতিবেদন প্ৰকাশ কৰিব।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
