বাটুমি, ১১ জুলাই (হি.স.)। উজবেকিস্তানৰ আফ্ৰিউজা খামদামোভাৰ বিৰুদ্ধে সহজ ড্ৰ’ খেলি মিনি মেচত ১.৫-০.৫ ব্য়ৱধানত জয়লাভ কৰি ফিডে মহিলা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়ে। একে সময়তে ভাৰতৰ ডি হৰিকাই সহযোগী খেলুৱৈ পি.ভি. নন্দিধা আৰু শেষৰ ৩২ত স্থান লাভ কৰে।
বগা টুকুৰাৰে খেলি হাম্পিয়ে সম্পূৰ্ণ নিয়ন্ত্ৰণত খেলিছিল আৰু আগন্তুক মেচসমূহৰ বাবে শক্তি ৰাহি কৰাৰ লগতে ড্ৰ’ গ্ৰহণ কৰিছিল।
একে সময়তে হৰিকাই আগ্ৰাসী খেলি বিজয়ৰ বাবে সকলো বাজিত লগা নন্ধিধাক পৰাস্ত কৰিলে। প্ৰতিযোগিতাখনত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা হৰিকাই নিজৰ অভিজ্ঞতাৰ উৎকৃষ্ট ব্যৱহাৰ কৰি প্ৰতিপক্ষৰ বগা টুকুৰাবোৰ নিষ্ক্ৰিয় কৰি শেষত জয়লাভ কৰে। কিৰণ মনীষা মহন্তৰ পাছত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা ভাৰতীয় দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় নন্ধিধা।
আন ভাৰতীয় খেলুৱৈসকলেও উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়
আৰ বৈশালীয়ে কানাডাৰ অ’ৱেলেট মাইলি-জেডক ২-০ ব্য়ৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আনহাতে, জৰ্জিয়াৰ কেছাৰিয়া মাগেলাজেক ১.৫-০.৫ ব্য়ৱধানত পৰাস্ত কৰি দিব্যা দেশমুখে ভাৰতীয় শিবিৰত অধিক সুখৰ সংযোজন কৰে।
প্ৰথম ৰাউণ্ডত সকলোকে আচৰিত কৰি তোলা কে প্ৰিয়ংকাই পোলেণ্ডৰ ক্লাউডিয়া কুলনৰ বিৰুদ্ধে একেৰাহে দুটা ড্ৰ’ খেলি টাইব্ৰেকত স্থান লাভ কৰিছে।
আনহাতে, বন্তিকা আগৰৱালাৰ বাবে অলপ হতাশাজনক দিন আছিল। প্ৰথমখন খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন আন্না উশ্বেনিনা (ইউক্ৰেইন)ক পৰাস্ত কৰিছিল যদিও দ্বিতীয়খন খেলত পৰাস্ত হোৱাৰ বাবে মেচখনে টাইব্ৰেকত উপনীত হয়।
গুৰুত্বপূৰ্ণ ভাৰতীয় ফলাফল – দ্বিতীয় ৰাউণ্ড
কোনেৰু হাম্পিয়ে (ভাৰত) আফ্ৰিজা খামদামোভা (উজবেকিস্তান)ক ১.৫-০.৫ ব্য়ৱধানত পৰাস্ত কৰে
ডি হৰিকা (ভাৰত) পি ভি নন্দিধা (ভাৰত)ক ২-০ ব্য়ৱধানত পৰাস্ত কৰে
আৰ বৈশালি (ভাৰত) অ’ৱেলেট মালি-জেড (কানাডা)ক ২-০ ব্য়ৱধানত পৰাস্ত কৰে
দিব্য দেশমুখ (ভাৰত) কেছাৰিয়া মেগেলাজে (জৰ্জিয়া)ক ১.৫-০.৫ ব্য়ৱধানত পৰাস্ত কৰে
ভন্তিকা আগৰৱাল (ভাৰত) বনাম আন্না উষেনিনা (ইউক্ৰেইন): স্ক’ৰ ১-১, টাই ব্ৰেক
কে প্ৰিয়ংকা (ভাৰত) বনাম ক্লাউডিয়া কুলন (পোলেণ্ড): স্ক’ৰ ১-১, টাই ব্ৰেক
পদ্মিনি ৰাউত (ভাৰত) বনাম আলেকজেণ্ড্ৰা কোষ্টেনিউক (ছুইজাৰলেণ্ড): স্ক’ৰ ১-১, টাই ব্ৰেক
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
