চিকাগো, ৩১ জুলাই (হি.স.)। মানচেষ্টাৰ ইউনাইটেডে প্ৰিমিয়াৰ লীগ ছামাৰ ছিৰিজৰ অধীনত ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে চিকাগোৰ ছল্ডাৰ ফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন খেলত বৰ্ণমাউথক ৪-১ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয়টো জয় পঞ্জীয়ন কৰে।
ৰুবেন আমোৰিমৰ দলৰ হৈ ৰাছমাছ হয়লুণ্ড, পেট্ৰিক ডৰ্গো, আমাদ ডায়েলো আৰু যুৱ খেলুৱৈ ইথান উইলিয়ামছে গ’ল দিয়ে। ইয়াৰ পূৰ্বে শনিবাৰে ৱেষ্ট হামক ২-১ গ’লত পৰাস্ত কৰিছিল ইউনাইটেডে।
বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজত খেলা খেলখনত ইউনাইটেডে অষ্টম মিনিটতে অগ্ৰগতি লাভ কৰে যেতিয়া ডৰ্গোৰ সুন্দৰ ক্ৰছত হয়লুণ্ডে হেডেৰে গ’ল দিয়ে।
২৫ মিনিটত ডৰ্গোৱে নিজেই এটা গ’ল দি ইউনাইটেডৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। মেছন মাউণ্টৰ ফ্ৰী কিকত বল নিয়ন্ত্ৰণ কৰাৰ পিছত তেওঁ বৰ্ণমাউথৰ গ’লৰক্ষক ড্জৰ্জে পেট্ৰভিচক পৰাস্ত কৰি বলটো গ’লৰ ভিতৰলৈ সোমাই দিয়ে।
দ্বিতীয়াৰ্ধৰ ৫৩ মিনিটত আমাদ ডায়েলোৱে তৃতীয়টো গ’ল দিয়ে। তাৰ পাছত ৭০ মিনিটত আমোৰিমে ৯টা পৰিৱৰ্তন কৰে আৰু দুমিনিটৰ পাছত বিকল্প খেলুৱৈ ইথান উইলিয়ামছে লো শ্বটৰ জৰিয়তে চতুৰ্থটো গ’ল দিয়ে।
অৱশ্যে ইউনাইটেডৰ বাবে একমাত্ৰ নেতিবাচক মুহূৰ্তটো আহিল ৮৮ মিনিটত যেতিয়া ডিফেণ্ডাৰ মাথিয়াছ ডি লিগটে অ’ন গ’ল দি স্ক’ৰ ৪-১ কৰে।
ৱেষ্ট হামৰ এভাৰটনক পৰাজিত-
দিনটোৰ দ্বিতীয়খন মেচত ৱেষ্ট হামে পিছ পৰি থকাৰ পিছতো শক্তিশালী কামবেক কৰি এভাৰটনক ২-১ গ’লত পৰাস্ত কৰে।
১৭ মিনিটত ইদ্ৰিছা গুৱেই এভাৰটনৰ হৈ এটা গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে। কিন্তু হাফ টাইমৰ ঠিক আগতেই ব্ৰাজিলৰ আন্তঃৰাষ্ট্ৰীয় লুকাছ পেকেটে সমতা স্থাপন কৰে।
ইয়াৰ পাছতে ৬৪ মিনিটত জাৰ্মানীৰ নিক্লাছ ফুলক্ৰুগে গ’ল দি ৱেষ্ট হামক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।
প্ৰি-ছিজনত এভাৰটনৰ এইটোৱেই আছিল একেৰাহে দ্বিতীয়টো পৰাজয়। ইয়াৰ পূৰ্বে বোৰ্ণমাউথৰ বিৰুদ্ধে ০-৩ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
মেচৰ পিছত এভাৰটনৰ প্ৰশিক্ষক ডেভিদ ময়েছে কয়, মই বেছি চিন্তিত নহয় কাৰণ মোৰ প্ৰয়োজনীয় খেলুৱৈ নাই। আমি ইতিমধ্যে জানিছিলোঁ যে আমি ইয়াত অসুবিধাৰ সন্মুখীন হ’ব লাগিব। এই সময়ত আমি এই প্ৰতিযোগিতাখনৰ বাবেও সাজু নহয় আৰু প্ৰিমিয়াৰ লীগৰ ছিজন আৰম্ভ হোৱাৰ বাবেও সাজু নহয়।
দেওবাৰে ফাইনেল মেচ
চাৰিটা দলৰ এই প্ৰতিযোগিতাখন দেওবাৰে আটলান্টাত সমাপ্ত হ’ব, য’ত মানচেষ্টাৰ ইউনাইটেডে এভাৰটনৰ বিৰুদ্ধে আৰু ৱেষ্ট হামে বৰ্ণমাউথৰ বিৰুদ্ধে খেলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
