পেৰিছ, ২০ ডিচেম্বৰ (হি.স.): তিনিবাৰৰ গ্ৰেণ্ড শ্লেমৰ একক চেম্পিয়ন ষ্টেন ৱাউৰিংকাই শুকুৰবাৰে ঘোষণা কৰে যে ২০২৬ চনৰ ছিজনটোৱেই হ’ব তেওঁৰ শেষ পেছাদাৰী টেনিছ ছিজন। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ৱাৱৰিংকাই কয় যে তেওঁ নিজৰ কেৰিয়াৰৰ অন্ত পেলাব বিচাৰে “সম্ভৱ উত্তম পদ্ধতিৰে”।
ৱাৱৰিংকাই লিখিছে, প্ৰতিখন কিতাপৰ এটা অন্ত থাকে। এতিয়া মোৰ বাবে পেছাদাৰী টেনিছ খেলুৱৈ হিচাপে মোৰ কেৰিয়াৰৰ অন্তিম অধ্যায়টো লিখাৰ সময় আহি পৰিছে। ২০২৬ চনটোৱেই হ’ব মোৰ ভ্ৰমণৰ শেষ বছৰ।
মাৰ্চ মাহত ৪১ বছৰ সম্পূৰ্ণ কৰা ৱাউৰিংকাই পুৰুষৰ টেনিছৰ সোণালী যুগত নিজকে সুকীয়া কৰি তুলিছিল, যেতিয়া ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডাল আৰু ন’ভাক জ’কভিচে আধিপত্য বিস্তাৰ কৰিছিল। ২০১৪ চনত অষ্ট্ৰেলিয়ান অ’পেন, ২০১৫ চনত ফ্ৰেন্স অ’পেন আৰু ২০১৬ চনত ইউ এছ অ’পেন জয় কৰিছিল।
ৱাৱৰিংকাই নিজৰ কেৰিয়াৰত মুঠ ১৬টা এ টি পি খিতাপ লাভ কৰিছিল যদিও শেষবাৰৰ বাবে ২০১৭ চনত জেনেভাত খিতাপ দখল কৰিছিল।২০১৪ চনত তেওঁ বিশ্ব ৰেংকিঙত কেৰিয়াৰৰ সৰ্বোচ্চ তৃতীয় স্থান দখল কৰিছিল। শেহতীয়া বছৰবোৰত আঘাতৰ সমস্যাৰ বাবে তেওঁৰ ৰেংকিং ১৫৭ লৈ হ্ৰাস পাইছে।
ৱাৱৰিংকাই ভ্ৰমণ পৰ্যায়ৰ ৫৮২টা জয় লাভ কৰিছে, যিটো সক্ৰিয় খেলুৱৈৰ ভিতৰত চতুৰ্থ সৰ্বাধিক। তেওঁৰ পিছত আছে কেৱল গেল মনফিলছ, যিয়েও অহা বছৰৰ শেষৰ ফালে অৱসৰৰ কথা ঘোষণা কৰিছে।
২০০৮ চনৰ বেইজিং অলিম্পিকত ৰজাৰ ফেডাৰেৰৰ সৈতে ডাবলছত স্বৰ্ণ পদক লাভ কৰাৰ লগতে ২০১৪ চনত ছুইজাৰলেণ্ডৰ প্ৰথমটো ডেভিছ কাপ খিতাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পাৰ্থত অনুষ্ঠিত হ’বলগীয়া ইউনাইটেড কাপত অন্তিম ছিজন আৰম্ভ কৰিব ৱাৱৰিংকাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
