শোণিতপুৰ, ০২ ডিছেম্বৰ (হি.স.)। শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ ৪০ তম বাৰ্ষিক লৌহ ক্ৰীড়াৰ অন্তৰ্গত ‘টাগ অব ওৱাৰ প্ৰতিযোগিতা [ৰছিটনা] আজি ৰঙাপাৰাৰ নামনি গাওঁ ক্ৰীড়া প্ৰকল্পত ছাই পাৱাৰ জিমৰ সৌজন্য়ত সফলতাৰে সামৰণি পৰে ৷ শোণিতপুৰ জিলা টাগ অব ওৱাৰ এচচিয়েচনৰ তত্বাৱধানত জিলাখনৰ বিভিন্ন অনুস্থানৰ প্ৰায় ১৫ টা দলে প্ৰতিযোগিতাত ভাগ লয় ৷
জিলা শৰীৰ চৰ্চা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি পংকজ কুমাৰ বৰাই ৷ জিলা টাগ অব ওৱাৰ আৰু উদোক্তা ছাই পাৱাৰ জিমৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতি জীতেন বৰঠাকুৰ আৰু গোবিন্দ দাসে ৷ খেল খন শুভউদ্বোধন কৰে গোলাঘাটৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় বিচাৰক তথা ৰাজ্যিক টাগ অব ওৱাৰৰ কাৰ্যকৰী সভাপতি বিবেকা নন্দ হাজৰিকাই ৷ পুৰুষৰ বিভাগত চেম্পিয়ন হয় তেজপুৰ নপামৰ এচ এম বি জিমৰ ক দল আৰু দ্বিতীয় স্থান পায় এচ এম বি জিমৰ খ দলে ৷
মহিলাৰ বিভাগত চেম্পিয়ন হয় ৰঙাপাৰাৰ ‘ছাইপাৱাৰ জিমৰে ক দলে৷ প্ৰথম খন উদ্বোধনী খেলত খেলুৱৈ সকলৰ লগত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীক সৌজন্য়মূলক চিনাকি কৰি দিয়া হয় ৷ বিচাৰক মণ্ডলীৰ পেনেলত আছিল বিবূধ ডেকা, উৎপল বৰা, শৰৎ শইকীয়া, পিংকু চক্ৰৱৰ্তী, মূজাহিদ ৰাজা, সমিৰণ বৰা, প্ৰাঞ্জল বৰা, চালামত দেবান, দুদু তামুলী, জয়ন্ত বৰা আৰু জয়ন্ত কোঁচ ৷
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
