

তামুলপুৰ, ১৩ জুলাই (হি.স.): অহা ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১৩৪সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আজি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। আজিৰ এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্ৰিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়।
তামুলপুৰৰ ১০৭ ব্ৰিগেডৰ কৰ্নেল ভূপেন্দ্ৰ সিং চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত উল্লেখ কৰে, ডুৰাণ্ড কাপ কেৱল ফুটবলৰ এক আয়োজনেই নহয়, ই ভাৰতৰ বিবিধতা, একতা, সাংস্কৃতিক সমন্বয় আৰু উৎসাহৰ এক প্ৰতীক। একেদৰে স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে এছিয়াৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ জৰিয়তে সেনাবাহিনীৰ ন-জোৱানসকলে দেখুওৱা উৎসাহ আৰু অনুপ্ৰেৰণাক অভিনন্দন জনাই কয়, আমি অহা বছৰ আৰু অধিক সুন্দৰভাৱে এই ডুৰাণ্ড কাপৰ কাৰ্যসূচী ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম।
উল্লেখ্য যে আজিৰ এই ডুৰাণ্ড কাপ ট্ৰফী ট্যুৰৰ প্ৰীতি ফুটবল খেলখন তামুলপুৰ এফ চি আৰু কলবাৰী জংগিলা এফ চিৰ মাজত অনুষ্ঠিত হয়। আজিৰ কাৰ্যসূচীত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, কৰ্নেল মনীষ নেগি, মেজৰ আৰ এছ সামণ্ট, প্ৰাক্তন সেনা বিষয়া বাসুদেৱ বৰ্মনসহ ভাৰতীয় সেনাবাহিনীৰ একাংশ জোৱান, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
