নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। হকী ইণ্ডিয়াই দেওবাৰে বেংগালুৰুৰ এছ এ আই চেণ্টাৰত ১৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষক শিবিৰৰ বাবে ৩৪ জনীয়া মূল সম্ভাৱ্য গোট ঘোষণা কৰে। ২২ অক্টোবৰত ঝাৰখণ্ড মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে এই শিবিৰৰ সামৰণি পৰিব। ২৭ অক্টোবৰৰ পৰা ৰাঁচী (ঝাৰখণ্ড)ত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই সন্মানীয় প্ৰতিযোগিতা। আয়োজক ভাৰতৰ লগতে বৰ্তমান এছিয়ান গেমছৰ চেম্পিয়ন চীন, জাপান, কোৰিয়া, মালয়েছিয়া আৰু থাইলেণ্ডো ইয়াত অংশগ্ৰহণ কৰিব। অভিযানৰ উদ্বোধনী মেচত ভাৰতে থাইলেণ্ডৰ বিৰুদ্ধে খেলিব।
মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক জানেকে শ্বপমেনৰ মতে, এই শিবিৰে ভাৰতীয় দলটোক মূল্যায়ন আৰু উন্নতিৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহত পুনৰ মনোনিৱেশ কৰাত সহায় কৰিব। তেওঁ কয় যে এতিয়াৰ পৰা অলিম্পিক কোৱালিফায়াৰলৈকে খেলা সকলো টুৰ্ণামেণ্ট আমাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, যাৰ ফলত আমি দল হিচাপে উন্নতি কৰাৰ সুযোগ লাভ কৰিব। আমি ৰাঁচীলৈ যোৱাৰ আগতে বেংগালুৰুৰ এটা অতি চুটি শিবিৰ হ’ব আৰু প্ৰথমে আমি এছিয়ান গেমছত আমাৰ প্ৰদৰ্শনৰ বিশদ মূল্যায়ন কৰিম। অলপ বিৰতিৰ অন্তত খেলুৱৈসকল ঘূৰি আহি ঘৰুৱা খেলপথাৰত আগন্তুক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ মানসিকভাৱে সতেজ হৈ পৰিব।
-সম্ভাব্য মূল গোট-
গোলৰক্ষক- সবিতা, ৰজনী ইতিমাৰপু, বিচু দেৱী খাৰিবাম, বনছাৰী সোলাংকি
ডিফেণ্ডাৰ – ডিপ গ্ৰেচ এক্কা, গুৰজীত কৌৰ, নিকি প্ৰধান, উদিতা, ইশিকা চৌধুৰী, অক্ষতা আবাছো ঢেকলে, জ্যোতি ছত্ৰী, মহিমা চৌধুৰী মিডফিল্ডাৰ – নিশা, চালিমা টেটে, সুশীলা চানু পখৰামবম, জ্যোতি, নৱজোত কৌৰ, মনিকা, মৰিয়ানা কুজুৰ, ছোনিকা, নেহা, বলজীত কৌৰ, ৰীনা খোখৰ, বৈষ্ণৱী বিত্তল ফালকে, আজমিনা কুজুৰ
ফৰৱাৰ্ডছ – লালৰেমছিয়ামী, নৱনীত কৌৰ, বন্দনা কটাৰিয়া, শৰ্মিলা দেৱী, দীপিকা, সংগীতা কুমাৰী, মুমতাজ খান, সুনেলিতা টপ্পো, বিউটি ডাংডুং।
হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ/অৰবিন্দ
