টৰন্টো, ৩০ অক্টোবৰ (হি.স.)। কানাডিয়ান অ’পেন ২০২৫ৰ ছেমি ফাইনেলত ভাৰতীয় স্কোয়াছ তাৰকা অনাহত সিঙৰ আকৰ্ষণীয় দৌৰৰ অন্ত পৰে। মাত্ৰ ১৭ বছৰ বয়সীয়া অনাহতক ইংলেণ্ডৰ এক নম্বৰ খেলুৱৈ কেনেডীয়ে পোনপটীয়া ছেটত ১১-৫, ১১-৮, ১২-১০ৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। মাত্ৰ ৩০ মিনিট ধৰি খেলখন চলিছিল।
ইয়াৰ পূৰ্বে অনাহতে প্ৰতিযোগিতাখনত দুটা ডাঙৰ ওলট পালট কৰিছিল— বিশ্বৰ ২০ নং মেলিছা আলভেছ আৰু ডিফেণ্ডিং চেম্পিয়ন টিনি গিলিছক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।
মেচৰ পিছত জিনা কেনেডীয়ে অনাহতক ভূয়সী প্ৰশংসা কৰে। তেখেতে কয়, এই সপ্তাহত অনাহতে সুন্দৰ খেলিছিল। মই মোৰ প্ৰশিক্ষকক কৈছিলো যে তাই এগৰাকী স্বাভাৱিক স্কোয়াছ খেলুৱৈ। তাইৰ শ্বট সলনি কৰাৰ শৈলী অতি অনন্য, আৰু ইয়াক শিকাব নোৱাৰি। হয়তো তাই দীঘলীয়া সপ্তাহৰ খেলৰ বাবে অলপ ভাগৰি পৰিছিল, যিটো স্বাভাৱিক।
ফাইনেলত জিনা কেনেডীয়ে আনখন ছেমি ফাইনেলত আমাণ্ডা ছ’ভী (আমেৰিকা)ক পৰাস্ত কৰা ইজিপ্তৰ আমিনা অৰ্ফিৰ বিৰুদ্ধে খেলিব।
কেনেডীয়ে কয়, আমিনা আৰু মই শেষবাৰৰ বাবে মুখামুখি হোৱাৰ এবছৰতকৈও অধিক হ’ল। শেহতীয়াকৈ তেওঁৰ ফৰ্ম অতি উত্তম, আৰু মই তেওঁৰ সৈতে খেলিবলৈ উৎসাহিত হৈ আছোঁ।
हिन्दुस्थान समाचार / অৰৱিন্দ
