–ষ্টেণ্ড আপ পেডলিং, কাইটবৰ্ডিং, কাইটচাৰ্ফিং, কয়াকিং আৰু বিচ অব্ষ্টেকেল ৰেছ হ’ব মূল আকৰ্ষণ
টুটিকোৰিন (তামিলনাডু), ১১ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ বহু প্ৰত্যাশিত মহাসাগৰীয় ক্ৰীড়া মহোৎসৱ – ‘কাদল কণ্ডত্তম ২০২৫’ – চলিত বৰ্ষৰ ১২ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ তামিলনাডুৰ উপকূলীয় চহৰ টুটিকোৰিনত অনুষ্ঠিত হ’ব। তিনিদিনীয়া এই উৎসৱত সাগৰীয় ক্ৰীড়াৰ ৰোমাঞ্চ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ অংশগ্ৰহণ আৰু তামিলনাডুৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক বৃহৎ সংমিশ্ৰণ ঘটিব।
মহোৎসৱৰ প্ৰধান অনুষ্ঠানসমূহৰ ভিতৰত ষ্টেণ্ড আপ পেডলিং, কাইটবৰ্ডিং, কাইটচাৰ্ফিং, কয়াকিং আৰু বিচ অব্ষ্টেকেল ৰেছ আদি অনুষ্ঠিত হ’ব। প্ৰাক্তন ৰাষ্ট্ৰীয় কাইটবৰ্ডিং চেম্পিয়ন অৰ্জুন মোথাৰ নেতৃত্বত আৰু তামিলনাডু পৰ্যটন আৰু ৰাজ্য চৰকাৰৰ সহযোগত একুৱা আউটবেকৰ উদ্যোগত অনুষ্ঠিত এই উৎসৱ ভাৰতত সাগৰীয় ক্ৰীড়াৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতীক হ’বলৈ গৈ আছে।
“হোৱেৰ অ’চিন এডভেন্সাৰ মিটচ তামিল হেৰিটেজ’’ (Where Ocean Adventure Meets Tamil Heritage) শীৰ্ষক টেগলাইনৰ সৈতে এই অনুষ্ঠানটো কেৱল ক্ৰীড়াৰ উদযাপন কৰাই নহয়, তামিলনাডুক ভাৰতৰ প্ৰিমিয়াৰ অ’চেন এডভেঞ্চাৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হ’ব।
এই অনুষ্ঠানত ভাৰত আৰু বিদেশৰ পৰা ১৫০ জনৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব।
ভিয়েটনাম, শ্ৰীলংকা, মালদ্বীপকে ধৰি দেশৰ খেলুৱৈয়ে ভাৰতীয় খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। একে সময়তে তামিলনাডু, কৰ্ণাটক, কেৰালা, গোৱা, অন্ধ্ৰপ্ৰদেশ, ওড়িশা আদি ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈও পদকৰ দৌৰত অংশগ্ৰহণ কৰিব।
প্ৰতিটো খেলতে জুনিয়ৰ, চিনিয়ৰ আৰু মুকলি বিভাগৰ পুৰুষ আৰু মহিলা শাখা থাকিব, যিয়ে উদীয়মান প্ৰতিভাৰ পৰা আৰম্ভ কৰি অভিজ্ঞ পেছাদাৰীলৈকে সকলোকে সমান সুযোগ প্ৰদান কৰিব।
একুৱা আউটবেকৰ প্ৰতিষ্ঠাপক অৰ্জুন মোথাই কয়, কাদল কণ্ডত্তম কেৱল এটা খেল নহয়, বৰঞ্চ আমাৰ মহাসাগৰ, আমাৰ সংস্কৃতি আৰু আমাৰ সম্প্ৰদায়ৰ উদযাপন। আমি বিচাৰো যে সমগ্ৰ বিশ্বই তামিলনাডুক ভাৰতৰ সাগৰীয় দুঃসাহসিক অভিযানৰ কেন্দ্ৰ হিচাপে চাব।এই অনুষ্ঠানে নতুন প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব, আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ বৃদ্ধি কৰিব আৰু ক্ৰীড়া, পৰ্যটন আৰু বহনক্ষম উন্নয়নৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিব।
‘কাদল কণ্ডত্তম ২০২৫’ কেৱল প্ৰতিযোগিতামূলক খেলৰ মাজতে সীমাবদ্ধ নাথাকিব। ইয়াৰ উপৰিও ইয়াত তামিলনাডুৰ ৰান্ধনী পৰম্পৰাৰ সৈতে দৰ্শনাৰ্থীৰ সৈতে পৰিচয় কৰাই দিয়া উপকূলীয় খাদ্য উৎসৱ, সূৰ্যাস্তৰ যোগাসন, কেলিষ্টেনিক্স আৰু ফিটনেছ কৰ্মশালা, বিচ চাফাই অভিযান আৰু সাগৰ সজাগতা কাৰ্যসূচী আদি অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
