কাউন্সিল ব্লাফছ (আইঅ’ৱা), ৩০ জুন (হি.স.) । ভাৰতৰ যুৱ শ্বাটলাৰ আয়ুষ শ্বেট্টীয়ে দেওবাৰে ইউ এছ অ’পেন বেডমিণ্টন প্ৰতিযোগিতাত তাৰকাময় প্ৰদৰ্শনেৰে কেৰিয়াৰৰ প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ খিতাপ দখল কৰে। চূড়ান্ত খেলখনত তেওঁ কানাডাৰ ব্রায়ান ইয়াঙক ২১-১৮, ২১-১৩ ব্যৱধানত পোনপটীয়া খেলত পৰাস্ত কৰে৷
বৰ্তমান বিশ্ব ৰেংকিঙত ৩৪ নম্বৰ স্থানত থকা ২০ বছৰীয়া আয়ুষ এই ছিজনত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ইয়াৰ লগে লগে তেওঁ বিদেশত পুৰুষৰ একক খিতাপ দখল কৰিবলৈ ভাৰতৰ ২ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়। লক্ষ্য সেনে শেষবাৰৰ বাবে ২০২৩ চনত কানাডা অ’পেনত জয়লাভ কৰিছিল।
খিতাপ জয়ৰ যাত্ৰা
ইউ এছ অ’পেনত আয়ুষৰ যাত্ৰা বৰ ভাল আছিল। প্ৰথম ৰাউণ্ডত ডেনমাৰ্কৰ মেগনাছ জোহান্সেনক ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত দেশবাসী থাৰুণ মান্নেপল্লীক ২১-১২, ১৩-২১, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ বিশ্বৰ ৭০ নং কুও কুয়ান লিনক ২২-২০, ২১-৯ ব্যৱধানত পৰাস্ত কৰে।
ছেমি ফাইনেলত আয়ুছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বিশ্বৰ ৬ নম্বৰ আৰু চীনা টাইপেইৰ শীৰ্ষ ছিড চৌ টিয়েন চেনৰ বিৰুদ্ধে। পূৰ্বৰ পৰাজয়ৰ প্ৰতিশোধ লৈ আয়ুছে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২১-২৩, ২১-১৫, ২১-১৪ ব্যৱধানত জয়লাভ কৰে।
তনভী শৰ্মাৰ ইতিহাস সৃষ্টি, ফাইনেলত কনিষ্ঠতম প্ৰতিযোগীৰ অভিলেখ
মহিলা একক শাখাতো ভাৰতৰ ১৬ বছৰীয়া তনভী শৰ্মাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰৱেশ কৰে যদিও খিতাপ জয়ৰ পৰা বঞ্চিত হয়। ফাইনেলত শীৰ্ষ বাচনিৰ আৰু বিশ্বৰ ২১ নম্বৰ স্থানৰ আমেৰিকাৰ বেইৱেন জাঙৰ বিৰুদ্ধে ২১-১১, ১৬-২১, ২১-১০ ব্যৱধানত পৰাস্ত হয়।
অৱশ্যে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ যিকোনো ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে পৰিগণিত হোৱাত তনভিয়ে ইতিহাসৰ সৃষ্টি কৰিছিল। বিশ্ব ৰেংকিঙত ৬৬ নম্বৰ স্থানত থকা তনভিয়ে প্ৰথম ৰাউণ্ডত দ্বিতীয় বাচনিৰ ভিয়েটনামী খেলুৱৈ নুয়েন থুই লিনক ২১-১৯, ২১-৯ ব্যৱধানত পৰাস্ত কৰি আলোড়নৰ সৃষ্টি কৰে। ইয়াৰ পিছতে থাইলেণ্ডৰ প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন পিচামন অপ্টানিপুথক ২১-১৮, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে।
কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ কৰুপথেভান লেটছানাক ২১-১৩, ২১-৬ ব্যৱধানত পৰাস্ত কৰে। ছেমি ফাইনেলত ইউক্ৰেইনৰ সপ্তম ছিড পলিনা বুহৰোভাক ২১-১৪, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে তনভিয়ে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
