দ্বিতীয় টি-২০ত ইংলেণ্ডৰ হাতত ১৪৬ ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকা
মানচেষ্টাৰ, ১৩ ছেপ্টেম্বৰ (হি.স.)। মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ইংলেণ্ডে ইতিহাসৰ সৃষ্টি কৰিছে। ইংৰাজী দলটোৱে শুকুৰবাৰে গভীৰ নিশা (ভাৰতীয় সময় অনুসৰি শনিবাৰে) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০ অভাৰত মাত্ৰ ২টা উইকেট হেৰুৱাই ৩০৪ ৰান সংগ্ৰহ কৰি টি-২০ ইণ্টাৰনেশ্যনেলত পূৰ্ণ সদস্য দলৰ বিৰুদ্ধে ৩০০ৰ সীমা অতিক্ৰম কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।
ফিল ছল্টে এক সুন্দৰ ইনিংছ খেলি মাত্ৰ ৬০টা বলত অপৰাজিত ১৪১ ৰান সংগ্ৰহ কৰে। টি-২০ ইণ্টাৰনেশ্যনেলৰ যিকোনো ইংৰাজ বেটছমেনৰ ভিতৰত এয়া সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। অধিনায়ক জোছ বাটলাৰেও মাত্ৰ ৩০টা বলত ৮৩ ৰানৰ ধুমুহাময় ইনিংছ খেলি দলটোক এক সুন্দৰ আৰম্ভণি কৰে।
ইংলেণ্ডে প্ৰথম অভাৰৰ পৰাই নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছিল। বাটলাৰে মাত্ৰ ১৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰাৰ লগতে দলটোৱে মাত্ৰ ৫.৫ অভাৰত ১০০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ছল্টে ৩৯ বলত শতক সম্পূৰ্ণ কৰি ইংলেণ্ডৰ পৰা সৰ্বাধিক দ্ৰুত টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ১৬.১ অভাৰত মাত্ৰ ১৫৮ ৰান সংগ্ৰহ কৰি ঢলি পৰে। অধিনায়ক আইডেন মাৰ্কৰাম (৪১) আৰু ব’ৰ্ন ফৰ্টুইনে (৩২) অলপ চেষ্টা কৰিছিল যদিও ইংৰাজ বলাৰৰ সন্মুখত সমগ্ৰ দলটো ছিন্নভিন্ন হৈ পৰে। জোফ্ৰা আৰ্চাৰে ২৫ ৰানত ৩ আৰু ছেম কাৰানে ১১ ৰানত ২ উইকেট দখল কৰে।
এই জয়ৰ জৰিয়তে ইংলেণ্ডে শৃংখলাটো ১-১ ব্যৱধানত সমতা স্থাপন কৰে। টি-২০ ইণ্টাৰনেশ্যনেলত এতিয়ালৈকে ইংলেণ্ডৰ এইটোৱেই আটাইতকৈ বৃহৎ জয়।
চমু স্ক’ৰ
ইংলেণ্ড: ৩০৪/২ (২০ অভাৰ)
ফিল ছল্ট ১৪১* (৬০ বল)
জোছ বাটলাৰ ৮৩ (৩০ বল)
ব্জৰ্ন ফৰ্চুইন ২/৫২
দক্ষিণ আফ্ৰিকাঃ ১৫৮ (১৬.১ অভাৰ)
আইডেন মাৰ্ক্ৰাম ৪১
ব্জৰ্ন ফৰ্চুইন ৩২
জোফ্ৰা আৰ্চাৰ ৩/২৫, ছেম কাৰাণ ২/১১
ইংলেণ্ডে ১৪৬ ৰানত জয়লাভ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
