চেণ্ট লুইছ, ২৮ আগষ্ট (হি.স.)। আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ৱেছলী ছ’ৱে ২০২৫ চনৰ ছিংকফিল্ড কাপত ৰোমাঞ্চকৰ ফাইনেল ৰাউণ্ড আৰু তিনিজন খেলুৱৈৰ প্লে অফত জয়লাভ কৰে।
সুন্দৰ প্ৰদৰ্শনৰ পিছতো ভাৰতৰ আৰ প্ৰজ্ঞানানন্দা দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে আমেৰিকাৰ ফেবিয়ানো কাৰুয়ানাই তৃতীয় স্থান দখল কৰে।
প্ৰতিযোগিতাখনৰ নৱম আৰু অন্তিম ৰাউণ্ডত নিশাটোৰ ভিতৰতে নেতা প্ৰজ্ঞানানন্দা আৰু কাৰুয়ানাই ক্ৰমে লেভন আৰোনিয়ান আৰু ডি গুকেছৰ সৈতে ড্ৰ’ কৰে। ইফালে ৱেছলি ছ’ৱে উজবেকিস্তানৰ জিএম নোদিৰবেক আব্দুছাট’ৰভক পৰাস্ত কৰি খিতাপৰ দৌৰত প্ৰৱেশ কৰে।
প্লে অফৰ আৰম্ভণিতে প্ৰজ্ঞানানন্দাই বগা টুকুৰাৰ এক উজ্জ্বল খেলেৰে কাৰুয়ানাক পৰাস্ত কৰে। অৱশ্যে খিতাপ জয়ৰ বহু ওচৰ চাপি অহাৰ পাছত দ্বিতীয়খন খেলত ৱেছলী ছ’ৰ বিৰুদ্ধে পৰাস্ত হয় ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে।
ইয়াৰ পিছত ৱেছলীয়ে কাৰুয়ানাক ড্ৰ’ত ৰাখি দ্বিতীয়টো ছিংকফিল্ড কাপৰ খিতাপ নিশ্চিত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
