নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। ইণ্ডোৰৰ হোলকাৰ ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডৰ বিৰুদ্ধে চাৰি ৰানৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰত। মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ত টিম ইণ্ডিয়াৰ এয়া আছিল একেৰাহে তৃতীয়টো পৰাজয়। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও পৰাজয়ৰ সন্মুখীন হৈছিল। শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি দলটোৱে প্ৰতিযোগিতাখন আৰম্ভ কৰিছিল।
এই পৰাজয়ৰ পিছতো ভাৰতৰ হাতত এতিয়াও ছেমি ফাইনেলত প্ৰৱেশৰ সুযোগ আছে। ইংলেণ্ডৰ এই জয়ৰ লগে লগে ইংলেণ্ডে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে। এতিয়া চূড়ান্ত স্লটৰ বাবে প্ৰতিযোগিতা হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত।
বৰ্তমান পইণ্ট তালিকাত চতুৰ্থ স্থানত থকা ভাৰতৰ নেট ৰান ৰেট নিউজিলেণ্ডতকৈ উন্নত। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিব লাগিব।
ভাৰতৰ পৰৱৰ্তী মেচ নিউজিলেণ্ডৰ বিৰুদ্ধে, যিয়ে ছেমিফাইনেল স্থানৰ দৌৰত নিৰ্ণায়ক বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ পিছত ভাৰতে প্ৰতিযোগিতাখনৰ পৰা প্ৰায় বাহিৰ হোৱা বাংলাদেশৰ বিৰুদ্ধে খেলিব।
যদিহে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়, তেন্তে ইয়াৰ পথ কঠিন হৈ পৰিব। এনে পৰিস্থিতিত টিম ইণ্ডিয়াই বাংলাদেশক বৃহৎ ব্যৱধানত পৰাস্ত কৰাই নহয়, অন্তিমখন খেলত ইংলেণ্ডৰ হাতত নিউজিলেণ্ড পৰাস্ত হোৱাৰ আশাও কৰিব লাগিব টিম ইণ্ডিয়াই।
ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সমীকৰণসমূহঃ
১/ নিউজিলেণ্ড আৰু বাংলাদেশ দুয়োখন দেশৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিব লাগিব।
২) নিউজিলেণ্ড পৰাজয় হ’লে বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় আৰু ইংলেণ্ডৰ হাতত নিউজিলেণ্ডৰ পৰাজয়ৰ প্ৰয়োজন হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
