
তিনিচুকীয়া, ১৪ জানুৱাৰী (হি.স.): আজি ভোগৰ উৎসৱ ভোগালী। ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। ভোগালী বিহু বা মাঘ বিহু উপলক্ষে অসমীয়া যুৱতী, মহিলাসকলে লাড়ু,পিঠা,নানা ধৰণৰ জলপান প্ৰস্তুতিৰ বাবে আখলত ব্যস্ত হৈ পৰিছে ৷ উখল-মাখল হৈ পৰিছে প্ৰতিঘৰ অসমীয়াৰ আখল।
এফালে গাঁৱৰ পুৰুষসকলে ভেলাঘৰ, মেজি সাজিছে আনফালে আকৌ মহিলাসকলে পিঠাগুৰি খুন্দা, আখলত পিঠা-পনা বনোৱাত ব্যস্ত ৷ তাৰ মাজতে আখলত উঠিছে বিহুগীতৰ ৰগৰ। ধলা শদিয়াৰ দীৰ্ঘতম দলঙৰ বাবে বিখ্যাত হৈ পৰা ধলাৰ লাফাংকলাতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ আইসকল সকলোৱে একেলগ হৈ পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে ৷ বৰ্তমান সমাজৰ পৰা হেৰাই যোৱা অসমীয়া পৰম্পৰাৰ এখন ছবি স্পষ্ট হৈ পৰিছে ধলাৰ লাফাংকলা অঞ্চলত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
