
বঙাইগাঁও, ১৫ জানুৱাৰী (হি.স.): ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে ভোগৰ উৎসৱ ভোগালী। পিছ পৰি থকা নাই বঙাইগাঁও জিলাৰ জাউবাৰীৰ পুৰুষ-মহিলা, বোৱাৰী জীয়ৰীসকলে। উৰুকাৰ নিশা সকলোৱে মিলি ভেলাঘৰৰ তলত লগেভাগে এসাঁজ খালে।
ভেলাঘৰৰ সন্মুখতে জীয়ৰী-বোৱাৰীয়ে একেলগে নাচি পাৰ কৰিলে। ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰ যেন দূখ-বেদনা গুচাই আনন্দৰ বতৰা কৰিয়াই আনিলে। নতুন বছৰে ভগৱানে সকলোকে কুশলে পাৰ কৰক তাৰেই কামনা কৰিলে জাউবাৰীবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
