কামৰূপ, ০৪ জানুৱাৰী (হি.স.): অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে আৰক্ষী বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এজন উপ পৰিদৰ্শক । উপ পৰিদৰ্শকজন হৈছে ইবো তম্বি সিনহা । ৰঙিয়া থানাৰ এছ আই ইবো তম্বি সিনহাই পাঁচ হেজাৰ টকা উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে । ৰঙিয়া থানাৰ এই বিষয়া গৰাকীয়ে এক গোচৰত অভিযুক্ত আৰক্ষীৰ সাক্ষী দিয়াৰ বাবে অহা যোৱা খৰচৰ বাবদ উৎকোচ বিচাৰিছিল । সাত জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে হাতে লোটে আৰক্ষী বিষয়া গৰাকীক ধৰা পেলায়।
উল্লেখযোগ্য যে চাকৰি কাল দুবছৰ থকা উপ পৰিদৰ্শক জনৰ ঘৰ শিলচৰত । ঘটনা অনুসৰি এজন আৰক্ষী জোৱানৰ পত্নীৰ আত্মহত্যাৰ গোচৰৰ তদন্তকাৰী বিষয়া আছিল এই গৰাকী ধৃত উপ পৰিদৰ্শক ইবু তম্বি সিনহা। আদালতত সাক্ষী দিবৰ বাবে অহা যোৱা কৰাৰ বাবদ স্বামী তথা আৰক্ষী জোৱান গৰাকীৰ পৰা দহ হাজাৰ টকা বিচাৰিছিল তদন্তকাৰী বিষয়া ইবু তম্বি সিনহাই । কালি ৫ হাজাৰ লোৱাৰ পিছতে অভিযানকাৰী দলৰ হাতত বিষয়াগৰাকী ধৰা পৰে। ছয় ঘণ্টা যোৰা জেৰাৰ অন্তত অৱশেষত ইবু তম্বি সিনহাক লৈ যোৱা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
