৮০ৰ দশকত বলীউডত শাসন কৰা অভিনেত্ৰী শ্ৰীদেৱীয়ে কৰ্মা, মকছদ, জনী, তোহফা, লাদলা, মিষ্টাৰ ইণ্ডিয়া আদি ছুপাৰহিট ছবিত কাম কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। ২০১৮ চনত শ্ৰীদেৱীয়ে হঠাতে পৃথিৱীৰ পৰা বিদায় ল’লে। তেওঁৰ আকস্মিক মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰিল। শেহতীয়া এক সাক্ষাৎকাৰত শ্ৰীদেৱীৰ কন্যা তথা অভিনেত্ৰী জাহ্নৱী কাপুৰে কয় যে তেওঁলোকৰ পৰিয়ালৰ বাবে এইটো অতিক্ৰম কৰাটো বৰ কঠিন আছিল।
শেহতীয়াকৈ জাহ্নৱী আৰু খুশী কাপুৰক কৰণ জোহৰৰ ‘কফি উইথ কৰণ-৮’ শ্ব’ত দেখা গৈছিল, য’ত জাহ্নৱীয়ে নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা কৈছিল। এই উপলক্ষে তেওঁ শ্ৰীদেৱীৰ মৃত্যুৰ শোক পৰিয়ালটোৱে কেনেকৈ অতিক্ৰম কৰিলে সেই সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ ক’লে, “সৰু ভনীয়েক হোৱাৰ পিছতো খুশীয়ে মোৰ মাতৃৰ মৃত্যুৰ পিছত মোৰ চোৱা-চিতা কৰিছিল। মই মোৰ কোঠাত থাকোঁতে মাৰ মৃত্যুৰ খবৰটো শুনিলোঁ। কোঠাৰ পৰা খুশীৰ কান্দোন শুনিলোঁ। মই কান্দি কান্দি তাইৰ ৰুমলৈ গলো, কিন্তু মনত আছে তাই মোৰ ফালে চাই আছিল আৰু মোৰ ফালে চোৱাৰ লগে লগে তাই কান্দোন বন্ধ কৰি মোৰ কাষত বহি মোক সান্ত্বনা দিছিল।”
১৯৯৬ চনত শ্ৰীদেৱীয়ে বনী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুগৰাকী কন্যা জাহ্নৱী আৰু খুশী। মাকৰ পদাংক অনুসৰণ কৰি জাহ্নৱী আৰু খুশী অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কৰণ জোহৰৰ ছবি ‘ধড়ক’ৰ জৰিয়তে বলীউডত অভিষেক ঘটা জাহ্নৱীয়ে। ইয়াৰ পিছত জাহ্নৱীক দেখা গ’ল ‘বোৱাল’, ‘গুঞ্জন ছাক্সেনা’, ‘গুডলাক জেৰী’ ছবিত। শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘দ্য আৰ্চিজ’ৰ জৰিয়তে খুশীয়ে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
