হোজাই,০৩ জানুৱাৰী (হি.স.): হোজাইত যোৱা কালি শুকুৰবাৰে সন্ধিয়া পুনৰ হাতীৰ আক্ৰমণত নিহত হয় এজন লোক । হাতীৰ আক্ৰমনত মৃত্যু হয় ৩৮ বছৰীয়া অনিল সিং নামৰ ব্যক্তিজনৰ।
কুমুৰাকাটা বনাঞ্চলৰ ঠেপ্লাই গুৰিত হাতীৰ আক্ৰমণ। বন ভোজ খাই সন্ধিয়া লগৰীয়া লগত ঘৰলৈ উভতি অহা সময়ত ৰাস্তাতে হাতীৰ আক্ৰমণ। লগৰীয়া ৭ জন কথমপি প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য় যে অঞ্চলটোত হাতীৰ আক্ৰমণত তিনিদিনত দুজনৰ মৃত্যু হৈছে ।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
