
হোজাই, ১৯ জুলাই (হি.স.): হোজাইত যোৱাকালি গোধূলি জিএছটি, বন বিভাগৰ যৌথ অভিযান চলে । অভিযানত হোজাই ইছলাম নগৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অগৰু কাঠ।
কৰ ফাঁকিৰে নাহৰণিৰ পৰা হোজাই ইছলাম নগৰলৈ আনিছিল অগৰুখিনি। অগৰুখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি কোৱা হৈছে। ঘটনা সন্দৰ্ভত বন বিভাগে অগৰুখিনি জব্দ কৰি বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
