ওদালগুৰি, ২৭ নৱেম্বৰ (হি.স.): ওদালগুৰি জিলা আৰক্ষীৰ সফল অভিযানত ভৈৰৱকুণ্ডৰ দুৰ্গম অঞ্চলৰ পৰা ১২৪ কেঃ জি গাঞ্জা উদ্ধাৰ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গোপন সূত্ৰৰ পম খেদি ওদালগুৰি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত যোৱা কালি বুধবাৰে বিয়লি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ দুৰ্গম অঞ্চলৰ পৰা দুই ধৃত গাঞ্জা সৰবৰাহ কাৰীয়ে বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা পেকিং কৰি থকা অৱস্থাত হাতেলোটে কৰায়ত্ত কৰে আৰক্ষীয়ে।
ইফালে যোৱা কালি সন্ধিয়া সংবাদমেলত আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰায় ১২৪ কেঃজি উজনৰ গাঞ্জা খিনি ইউ পি বিহাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্য হাইড্ৰলিক প্ৰেচাৰৰে চেপি পেকিং কৰি আছিল দুই সৰবৰাহ কাৰীয়ে। তেনেতে আৰক্ষীয়ে পম খেদি ঘটনাস্থলীত উপস্থিত হৈ গাঞ্জা সহিতে দুই সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰি যাৱতীয় কাম কাজ কৰি তদন্ত অব্যাহত ৰাখিছে । আৰু ইয়াৰ আৰত বৃহৎ এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
