
কামৰূপ, ২৫ আগষ্ট (হি.স.): কংগ্ৰেছী পৰিয়ালত যোৱাকালি দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ পতাকা কাৰ্য্যসূচী ৰূপায়ন কৰিছে কামৰূপ জিলা কংগ্ৰেছে। প্ৰথমে কামৰূপ জিলা সভাপতি প্ৰাণজিত চৌধাৰীৰ ঘৰত উৰুৱাই পতাকা। পৰ্য্যায়ক্ৰমে মণ্ডল সভাপতি,আৰু বুথ সভাপতি সকলৰ ঘৰত আৰিব পতাকা।
উল্লেখ্য় যে ৩১ আগষ্টৰ ভিতৰত কামৰূপ জিলাৰ প্ৰায় ২০ হাজাৰ কংগ্ৰেছৰ পৰিয়ালৰ পদূলিত কংগ্ৰেছৰ পতাকা লগোৱাৰ লক্ষ্য লৈছে দলটোৱে। ইয়াৰ অংশ হিচাপে হাজোৰ বৰ্নি মণ্ডল কংগ্ৰেছৰ সভাপতি দেৰাজ খানৰ বাসগৃহতো জিলা কংগ্ৰেছৰ নেতৃত্ব উপস্থিত হৈ লগাই কংগ্ৰেছী পতাকা। এই অনুষ্ঠানত উপস্থিত আছিল হাজোৰ প্ৰাক্তন বিধায়ক দ্বিপেন পাঠক, কংগ্ৰেছ নেতা দ্বীপ বায়ন, ভবেশ দাস, জিলা পৰিষদৰ সদস্য মুনি আৰা বেগম আদি লোকসকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
