ধুবুৰী, ১৭ জানুৱাৰী (হি.স.): ধুবুৰীৰ গৌৰীপুৰ লালকুৰা গাঁৱত এগৰাকী পত্নীয়ে অসুস্থ স্বামীৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ধনৰ অভাৱত ভোগা আমজাদ আলী নামৰ লোকজনৰ পত্নীয়ে চকুপানী মচি মচি নিজ স্বামীৰ চিকিৎসাৰ বাবে ঘূৰি ফুৰিছে আনৰ ঘৰৰ দুৱাৰে দুৱাৰে। ঘৰ খনৰ উপাৰ্জনকাৰি জনে বিগত ৫বছৰে জটিল ৰোগত আক্ৰান্তহৈ বিছনাত শুই মৃত্যুৰ লগত যুঁজিছে। বৰ্তমান ঘৰখন চলাবলৈ তাৰ পত্নীয়ে আনৰ ঘৰত কাম কৰি যি সামান্য পইচা পায় তাতে সংসাৰ খন চলাবলৈ অসম্ভৱ হৈ পৰিছে।
ধুবুৰীৰ জিলাৰ গৌৰীপুৰৰ সমষ্টিৰ সাহেৱগঞ্জ গাওপঞ্চায়তৰ অন্তগত লালকুৰা গাঁৱৰ আমজাদ আলী নামৰ ব্যক্তি গৰাকী জটিল ৰোগত আক্ৰান্ত হৈ আছে । বৰ্তমান পৰিয়ালটো উপাৰ্জনহীন হৈ পৰাত বৰ্তমান গাঁওখনত ওচৰ চুবুৰীয়াই দিয়া বস্তুৰে সংসাৰ খন চলাই আছে। যোৱাকলি স্থানীয় যুৱককেইজনে বজাৰৰ দোকান সমূহৰ পৰা কিছু সাহায্য উঠাই দিছে যদি চিকিৎসাৰ বাবে উপযুক্ত পইচা হোৱা নাই। সহৃদয়জনে যদি এই অসহায় দুখীয়া পৰিয়ালটোৰ কাষত থিয়হৈ কিছু সামান্য দান বৰঙণি আগবঢ়াব বিচাৰিছে তেন্তে 8638136662 নম্বৰত দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
