লক্ষিমপুৰ, ০৬ ডিছেম্বৰ (হি.স.): লক্ষিমপুৰ নগৰৰ খেলমাটিত মঙলবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় এজন লোক। এখন ট্ৰাকৰ লগত খুন্দা মৰাৰ ফলত এজন বাইক আৰোহী নিহত হয়। নিহত ব্যক্তিজন পানীগাঁৱৰ তেলাহীৰ প্ৰণৱ দাস বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য়মতে, এছ ০৭-চি ৪৪৮৬ নম্বৰৰ ১২ চকীয়া এখন ট্ৰাকত এ এছ ০৩০ ৬৭৪১ নম্বৰ মটৰ চাইকেলত অহা প্ৰণৱ দাসে প্ৰচণ্ড খুন্দা মাৰি পথৰ ওপৰতে চিটিকি পৰে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ আহত লোকজনক চিকিৎসালয়লৈ নিয়ে যদিওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে ট্ৰাক খন জব্দ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
