
তিনিচুকীয়া, ২৫ আগষ্ট (হি.স.)। ডিগবৈ টিংৰাইৰ নৰ্ট ইষ্ট ধাবাৰ চিধাপুলৰ সমীপত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পু্ৱাই শোকাবহ পথ দুৰ্ঘটনা ৷
এ এছ ০৩ এ ই ৯১২৮ নম্বৰৰ ডেটচান বাহন আৰু স্কুটিৰে মুখামুখি সংঘৰ্ষ ৷
দুৰ্ঘটনাত থিতাতে নিহত স্কুটীখনৰ আৰোহী ৷ নিহত লোকজন ডিগবৈ বাপাপুংৰ নিবাসী ভৰত গগৈ। জানিব পৰা মতে ডিগবৈ গোপনাৰী বটলিং প্লান্টত ৰন্ধন গেছ অনা নিয়া কৰা বাহনৰ গাড়ী চালক আছিল ভৰত গগৈ ৷
নিহত ভৰত গগৈ এখন হাত আৰু এখন ভৰি এই পথ দুৰ্ঘটনাত চিঙি যোৱাত থিতাতে নিহত হয় লোকজন। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
