গুৱাহাটী, ১৩ নৱেম্বৰ(হি.স.)। অসমৰ বাসিন্দা এজন লোকৰ মৃতদেহ মেঘালয়ৰ এক দুৰ্গম বনাঞ্চলত উদ্ধাৰ কৰা হৈছে। মেঘালয়ৰ ডাউকী অঞ্চলত সংঘটিত হৈছে উক্ত ঘটনাটো। মৃতদেহটো গুৱাহাটী মহানগৰীৰ বশিষ্টৰ তপন দে নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।
বশিষ্ঠ আৰক্ষীৰ সূত্ৰ অনুসৰি বিগত শনিবাৰে গুৱাহাটীৰ পৰা মেঘালয়লৈ গাড়ীৰ সৈতে গৈছিল মৃত তপন দে নামৰ ব্যক্তি গৰাকী। উক্ত ভ্ৰমণৰ সময় চোৱাত তেওঁক এদল অচিনাক্ত দুষ্কৃতিকাৰীয়ে বাহন সহ অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত তেওঁক উক্ত অচিনাক্ত দুষ্কৃতিকাৰী সকলে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
যোৱা গভীৰ নিশা উদ্ধাৰ কৰা হয় মৃত তপন দেৰ মৃতদেহ। মেঘালয় আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰি দোষীক চিনাক্ত কৰাৰ বাবে কাম কৰি আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
