নগাঁও, ১২ জানুৱাৰী (হি.স.)। ৰহাৰ সমীপৱৰ্তী বাৰপূজীয়া জৰাবাৰী বাকৰী গাঁও বাসীৰ ভোগালীৰ প্ৰস্তুতি । ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু জৰাবাৰী বাকৰীগাঁও বাসী ৰাইজ। লটাছ টেম্পল আৰ্হিত প্ৰদৰ্শনীমূলক ভেলাঘৰ নিৰ্মাণ।
বাহ, বেত, খেৰেৰে সাজি উলিওৱা হৈছে অসমৰ চহা জীৱনৰ লগত জড়িত খেৰৰ ঘৰ, গোসাঁই ঘৰ,ঢেকীশাল,জোহাল,তাঁতশাল,ভঁৰাল,গোহালি,দমকল, পানীটোলা কোঁৱা, লগতে আৰু কিছু সামগ্ৰী । বিগত যোৱা সাতটা বছৰে বাকৰীগাঁও নিবাসী চেনীৰাম নাথৰ লগতে স্থানীয় ৰাইজে এনেদৰে নিৰ্মাণ কৰি আহিছে ব্যক্তিক্ৰমি ভেলাঘৰ ।সম্প্ৰতি ভোগালীৰ আগমনত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
