কোকৰাঝাৰ, ২৯ছেপ্টেম্বৰ (হি.স.)। বিটিচিৰ পৰিষদীয় ৰাজনীতিত আৰম্ভ সংখ্যালঘু মুছলমানৰ দপদপনি আৰু আধিপত্য৷ হাগ্ৰামাৰ নেতৃত্বত গঠন হব লগা পৰিষদত মুছলমান সকলৰ মাজৰ পৰা তিনি গৰাকী কাৰ্য্যৱাহী সদস্য আৰু এগৰাকী মনোনীত সদস্য পদ প্ৰদানৰ দাবী৷
পাঁচটা বছৰ বিৰতিৰ পিছত আঠাইশ খনকৈ আসন লাভেৰে পুনৰ বিটিচিৰ শাসন ক্ষমতালৈ প্ৰত্যাবৰ্তন কৰা তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হব লগীয়া নতুন পৰিষদীয় চৰকাৰখনত সংখ্যালঘু মুছলমান সকলৰ পৰা তিনিজন কাৰ্য্যৱাহী সদস্যৰ লগতে এজন মনোনীত সদস্য প্ৰদান কৰিবলৈ দাবী জনাইছে বিটিচি উলেমা কাউন্সিলে৷
কোকৰাঝাৰ প্ৰেছ ক্লাৱত সোমবাৰে আয়োজিত এখন সংবাদ মেলত উলেমা কাউন্সিল অৱ বিটিচিৰ সভাপতি মহম্মদ কেৰামত আলী আৰু সাধাৰণ সম্পাদক হাফিছ জেহিৰুল ইছলামে নিৰংকুশ সংখ্যাৰে বিটিচিত নতুন পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ অগ্ৰসৰ হোৱা বিপিএফ দলৰ লগতে দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷
বিটিচিবাসী সংখ্যালঘু মুছলমানৰ পৰা নিৰ্ৱাচিত হোৱা চাৰি গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনি গৰাকীক বিটিচিৰ গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্য্যৱাহী সদস্য পদ প্ৰদানৰ উপৰিও এজনক মনোনীত সদস্য হিচাপে প্ৰদান কৰিবলৈ দাবী জনাইছে৷ প্ৰথমবাৰৰ বাবে এটা দলৰ পৰাই অৰ্থাৎ বিপিএফ দলৰ পৰা বিটিচিত সংখ্যালঘু মুছলমানৰ পৰা চাৰিজনকৈ পাৰিষদ নিৰ্বাচিত হৈছে৷
উল্লেখ্য যে তাৰ লগে লগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনতো যে দপদপনি আৰু আধিপত্য বৃদ্ধি পাইছে সেয়া প্ৰতীয়মান হোৱাই নহয় বিটিচিৰ ভৱিষ্যত ৰাজনীতিত যে মুছলমান সকলে প্ৰভাৱ বিস্তাৰ কৰি এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব তাৰ স্পষ্ট ইংগিত ইতিমধ্যে ফুটি উঠিছে৷
বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে উলেমা কাউন্সিল অৱ বিটিচিৰ দাবীক গ্ৰহণ কৰে নে নকৰে কৰে সেইটো নিৰ্ভৰ কৰিব মহিলাৰীৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
